NORTHEAST NOW (Assamese)
অসম

‘কাছাৰ আৰু নগাঁও কাগছ কলক লৈ চলিছে লুণ্ঠনৰ ৰাজনীতি’, JACRU

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 11, 2023 8:41 pm

কাছাৰ আৰু নগাঁও কাগছ কলক দুয়োটা কাগজ কলক লৈ লুণ্ঠনৰ ৰাজনীতি চলি আছে। এই গুৰুতৰ অভিযোগ কৰিছে JACRU এ।

গুৱাহাটী প্ৰেছ ক্লাবত JACRU ৰ সংবাদমেল সম্বোধন কৰা এক সংবাদ মেলত JACRU এ কয় যে প্ৰধানমন্ত্ৰী মতে অমৃত কাল চলি আছে আৰু অমৃত কাল চলিছে পুঁজিপতিৰ বাবে চলি আছে।

JACRU এ কেন্দ্ৰীয় চৰকাৰে ৪১৪১ কোটি টকা বিনিয়োগ কৰা দুয়োটা কাগজ কল কিয় বন্ধ কৰি দিয়া হৈছে বুলি সেই ৪১৪১ কোটি টকা কলৈ গ  বুলিও প্ৰশ্ন কৰে।

মৃত্যু হোৱা ১১৫জন শ্ৰমিকক কেন্দ্ৰীয় চৰকাৰে এওঁলোকক হত্যা কৰিছে বুলিও বিস্ফোৰক অভিযোগ কৰিছে JACRU এ।

তেওঁলোকে এই সন্দৰ্ভত CBIৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ মেইল যোগে প্ৰেৰণ কৰিব পত্ৰ বুলি সদৰী কৰিছে।

৪১৪১ কোটি টকাৰে অতি শীঘ্ৰে  কাগজ দুটা পুনৰুদ্ধাৰ কৰাৰো দাবী জনায় JACRU এ। লগতে কয় যে ২০১৫ৰ পৰা ২০১৯ লৈ কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ২৮৫ কোটি টকা আত্মহাৎ কৰা হৈছে। দৰমহাৰ পৰা কাটি ৰখা পইচা কোনে হৰলুকি কৰিলে বুলি প্ৰশ্ন কৰিছে JACRU এ।

JACRU ৰ মতে প্ৰভিডেণ্ট ফাণ্ডৰ ২৮৫ কোটিৰ কেলেংকাৰী হোৱা বুলি উচ্চতম ন্যায়ালয়েও উল্লেখ কৰিছে। JACRUএ এই টকা শ্ৰমিকৰ টকা আৰু অতি সোনকালে এই টাকা শ্ৰমিকক ঘূৰাই দিবলৈ দাবী জনায়।

ইপিনে ২০২০ৰ ৪ মাৰ্চত কাগজ কলৰ বিভিন্ন দুৰ্নীতিক লৈ CBIএ কৰিছিল আৰু ইয়াত হিল ট্ৰেড এজেঞ্চী নাম সাঙুৰ খাইছিল বুলি সদৰী কৰিছে JACRU এ। সেই তদন্তৰ ফলাফল আজিও ৰহস্যৰ বিষয় হৈয়ে থাকিল।