NORTHEAST NOW (Assamese)
Popular Stories

‘হিমন্তই নিজ দলৰ ইতিহাস অধ্যয়ন কৰা উচিত’, সাংসদ গৌৰৱ গগৈ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 11, 2023 9:28 pm
‘হিমন্তই নিজ দলৰ ইতিহাস অধ্যয়ন কৰা উচিত’, সাংসদ গৌৰৱ গগৈ

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ১১ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান আৰু তালিবানৰ সৈতে কংগ্ৰেছৰ প্ৰস্তাৱৰ মাজত সাদৃশ্য অংকন কৰাৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে হামাছৰ হিংসাত্মক আক্ৰমণ আৰু কাৰ্যকলাপক কংগ্ৰেছে ৱৰ্কিং কমিটিয়ে বিৰোধিতা কৰা নাই বুলি অভিযোগ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে হিমম্ত বিশ্ব শৰ্মাই বিজেপি দলৰ ইতিহাস অধ্যয়ন কৰা উচিত বুলি তীৰ্যক মন্তব্য কৰিছে।

পেলেষ্টাইন সন্দৰ্ভত কংগ্ৰেছৰ চি ডব্লিউ চিৰ প্ৰস্তাৱক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনা সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয়, “…অসমৰ মুখ্যমন্ত্ৰীয়ে বহু কথা বুজি নাপায়। তেওঁ ইতিহাস অধ্যয়ন কৰিব লাগে। এতিয়া নতুন দলত যোগদান কৰাৰ লগে লগে তেওঁ নিজৰ নেতাসকল আৰু বাজপেয়ী জীয়ে যি কৈছিল সেয়া অধ্যয়ন কৰিব লাগে।”

প্ৰস্তাৱটোৰ ওপৰত তেওঁ আৰু কয়, “…মই ভাবো কংগ্ৰেছ দলে কোৱা কথাখিনি বহুতে সমৰ্থন কৰিছে। বহুতে কংগ্ৰেছ দলে নিজৰ মতাদৰ্শগত স্থিতি পাহৰা নাই বুলি উল্লেখ কৰিছে। কংগ্ৰেছ দলে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে।”

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে, “মই দেখিছোঁ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰস্তাৱে ইজৰাইলৰ নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত হামাছে চলোৱা বৰ্বৰ আক্ৰমণক লৈ সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে। চি ডব্লিউ চিয়ে হামাছক গৰিহণা দিয়া নাছিল, তেওঁলোকে পেলেষ্টাইনক সমৰ্থন কৰাৰহে চেষ্টা কৰিছিল।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছিল যে কংগ্ৰেছৰ দিনৰে পৰা ভাৰত সন্ত্ৰাসবাদৰ বলি হৈ আহিছে সেয়েহে কংগ্ৰেছ দলে হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণ বা কাৰ্যকলাপক সম্পূৰ্ণৰূপে নিন্দা কৰা উচিত আছিল। সেইটো নকৰি কংগ্ৰেছে স্পষ্ট কৰি দিছে যে তেওঁলোক সন্ত্ৰাসবাদৰ বিৰোধী নহয় তেওঁলোক সদায় তুষ্টিকৰণহে কৰে।