NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত একেজন লেখকৰে ৭খনকৈ গ্ৰন্থ উন্মোচন; পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামীক সম্বৰ্ধনা

Posted by: ৰিদিপ শৰ্মা October 7, 2018 8:47 pm
JoyShree Goswami

আজি কলিয়াবৰৰ কুঁৱৰীটোলস্থিত শিক্ষা মহাবিদ্যালয়ত কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত একেলগে উন্মোচন হ’ল অৱসৰপ্ৰাপ্ত শিক্ষক ফণীধৰ বৰাৰ ৭খনকৈ গ্ৰন্থ।

কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি অৰবিন্দ বৰগোহাঞিৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ এই  অনুষ্ঠানতে  শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত সাহিত্যাচাৰ্য্য মহিম বৰা সোৱঁৰণী সদৌ অসম চুটিগল্প প্ৰতিযোগিতাত স্থান প্ৰাপ্তসকলক বটাঁ প্ৰদান প্ৰদান কৰা হয়। লগতে ভাৰতীয় সাহিত্য অকাডেমিৰ সদস্যা পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামীক কলিয়াবৰ শাখা সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ জিলা পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে কলিয়াবৰ সাহিত্য সভাই আয়োজন কৰা সাহিত্যাচাৰ্য্য ‘মহিম বৰা সোৱঁৰণী সদৌ অসম চুটিগল্প প্ৰতিযোগিতা’ত বঙাইগাৱঁৰ দেৱাশিস বৰাই  ১ম স্থান, কলিয়াবৰ বৰদলং নিৱাসী মঃ ইব্ৰহিম আলীয়ে ২য় স্থান আৰু কলিয়াবৰৰ সোণাৰি গাৱঁৰ বিপ্লৱ কৌশিক কাশ্যপে  ৩য় স্থান দখল কৰে। এওঁলোক তিনিওজনকে এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়।

আজিৰ অনুষ্ঠানটোত কলিয়াবৰৰ শাখা সাহিত্য সভাৰ সদস্য, কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ বিষয় ববীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ  বিষয়ববীয়া সকল উপস্থিত থাকে।