NORTHEAST NOW (Assamese)
অসম

কঁহুৱাৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু শৰতৰ বতৰা

Posted by: মনিমালা বৰা October 7, 2018 8:36 pm
WhatsApp Image 2018-10-07 at 7.59.31 PM

শৰতৰ বাবেই যেন শেৱালি আৰু শেৱালিৰ বাবেই যেন শৰৎ। বসন্তৰ আগমনে যেনেদৰে গছে-বনে ন কুঁহিপাত মেলে, ফুলৰ সৌন্দৰ্য, কুলি-কেতেকীৰ বিননিয়ে গা মন চঞ্চল কৰি তোলে ঠিক তেনেদৰে আহিনৰ আগমনে শেৱালি, কঁহুৱাৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু  শৰতৰ বতৰা।

এই শৰততে মনি-মুকুতা সদৃশ নিয়ৰে ধৰা দিয়ে দুৱৰিডৰাত। খাল-বিলত প্ৰাণখুলি হাঁহিব ধৰে ভেট-পদুমে।

শেৱালী, কঁহুৱা ফুলিলেই শৰৎ আহে, শৰৎ আহিলেই দূৰ্গাপূজা। তলসৰা শেৱালীৰ আমোলমোল সুবাসে সকলোৰে গা-মন জুৰ পেলায়।

শৰতৰ স্পৰ্শতে নৈখনেও ৰূপ সলাই, নৈপৰীয়া কঁহুৱাই নাচি নাচি শৰতক পূৰ্ণদ্যমে আদৰে, হালি-জালি দূৰ্গতিনাশিনী বন্দনাৰ গীত জুৰে।

শৰতৰ আকাশে কলীয়া ডাৱৰ আঁতৰাই শুকুলা ডাৱৰৰ নিচান উৰুৱায়। এছাতি মৃদু মলয়াই প্ৰকৃতিৰ বুকুত নতুন ৰূপৰ সুচনা কৰে আৰু ধৰণীৰ ৰূপ হয় শান্ত আৰু শুভ্ৰ।