NORTHEAST NOW (Assamese)
Popular Stories

মমবাতি বনোৱা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; শিশু, মহিলাসহ সাতগৰাকী লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 6:58 pm

আজি বিয়লিভাগত উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাস্থিত এটা মমবাতি বনোৱা উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে এই অগ্নিকাণ্ডত সাতগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

গাজিয়াবাদৰ মোদীনগৰৰ অন্তৰ্গত বখৰৱা গাঁৱস্থিত মমবাতিৰ কাৰখানাটোত হঠাৎ জুই লগাত ছয়গৰাকী মহিলা আৰু এটি শিশুসহ সাতগৰাকী লোকৰ মৃত্যু হয়।

মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পিছতেই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে গাজিয়াবাদ জিলাৰ উচ্চস্তৰীয় বিষয়া আৰু এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক ঘটনাস্থলত উপস্থিত হৈ সহায় আগবঢ়াবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে লগতে ঘটনাস্থলত উপস্থিত হোৱা জিলাৰ বিষয়াসকলক ঘটনাৰ সবিশেষ সন্ধিয়াৰ ভিতৰতে জনাবলৈ নিৰ্দেশ দিয়ে।

ইফালে এই ঘটনাৰ সবিশেষ সুনীল কুমাৰ সিং নামৰ এগৰাকী বিষয়াই জানিবলৈ দি কয় যে প্ৰায় ৪ মান বজাত কাৰখানাটোৰ এটা অংশত জুই লগাৰ পিছতেই সমগ্ৰ কাৰখানাটো জুইত জাহ যায়।

মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই আৱৰি ধৰা বাবে কাৰাখানাটোত কৰ্মৰত লোকসকলে বাহিৰলৈ ওলাই আহিব নোৱাৰা বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

অৱশ্যে এই পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।