NORTHEAST NOW (Assamese)
অসম

কোভিডত মৃত্যু : গুৱাহাটীত আৰু সাতখন শ্মশানৰ স্থান নিৰ্ধাৰণ; ক’ত ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 6:38 pm
covid-19_cremations-750x375

কোভিড আতংকই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰক্ষিতত নিতৌ নিতৌ নতুন নতুন নিৰ্দেশনা জাৰি কৰাৰ লগতে নতুন ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে জিলা প্ৰশাসনসমূহে।

প্ৰশাসনে জাৰি কৰা অনুসৰি কোভিড আক্ৰানত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ বাবে গুৱাহাটী আৰু সাতখন শ্মশানৰ স্থান নিৰ্ধাৰণ কৰা হৈছে।

আজি নতুনকৈ নিধাৰণ কৰা সাতখন শ্মশানৰ স্থান হৈছে ক্ৰমে উলুবাৰী বৈদ্যুতিন শ্মশান, বশিষ্ঠ শ্মশান, বগঠুলি শ্মশান, পাঞ্জাবাৰী শ্মশান, জালুকবাৰী শ্মশান, গাড়ীগাঁও কৰস্থান, জালুকবাৰী কবৰস্থান আৰু কাটাভৰি কবৰস্থান।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ মৃতদেহসমূহ উলুবাৰী শ্মশান, ভূতনাথ শ্মশান আৰু আঠগাঁও কবৰস্থান আৰু ইছলাম কবৰস্থানত শেষ কৃত্য সম্পন্ন কৰা হৈছিল।

ইফালে গুৱাহাটীত কোভিড আক্ৰান্তৰ সংখ্যাৰ লগতে দিনক দিনে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে।

স্মৰ্তব্য যে শনিবাৰে গুৱাহাটীত ৫০ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছিল আৰু ইয়াৰ ১৬ গৰাকীয়েই গুৱাহাটীৰ আছিল।