NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১ শতাংশলৈ বৃদ্ধি; উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক

September 10, 2020 3:01 pm · এন ই নাও নিউজ

ত্ৰিপুৰাত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ ১ শতাংশলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত ত্ৰিপুৰাত সাত গৰাকী লোকৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যখনত মৃত্যুৰ হাৰ ১ শতাংশলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত হোৱা ১০০ গৰাকী লোকৰ ভিতৰত এগৰাকী লোকৰ মৃত্যু হোৱাৰ পাছতে ৰাজ্যখতন ক’ৰ’নাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

ত্ৰিপুৰাত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ দেশত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ গড় হাৰতকৈয়ো অধিক আৰু উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক।

বিগত ২৪ ঘণ্টাত ত্ৰিপুৰাত সাত গৰাকী লোকৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৭ গৰাকীলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাত এইপৰ্যন্ত মুঠ ১৬,৭৩৯ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৯,৯৯৩ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছে।

আনহাতে, ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও ৬,৫৫৪ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

Related News