NORTHEAST NOW (Assamese)

নিয়তিৰ কৰুণ পৰিহাস! দিল্লীৰ শিশু চিকিৎসালয়ত অগ্নিকাণ্ড;৭জন নৱজাতকে সাৱটিলে মৃত্যুক

May 26, 2024 8:01 am · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এখন শিশু চিকিৎসালয়ত শনিবাৰে নিশা সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ ফলত ৭জন নৱজাতকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে,ইতিমধ্যে আন ছয় জন নৱজাতকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, ইয়াৰে এটি শিশু ভেণ্টিলেটৰত আছে।

শনিবাৰে নিশা প্ৰায় ১১.৩০ বজাত আৰক্ষীয়ে বিবেক বিহাৰস্থিত নিউ বৰ্ণ বেবী কেয়াৰ হাস্পতালৰ লগতে কাষৰীয়া এটা অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত পিচিআৰ ফোন লাভ কৰে।ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে ততাতৈয়াকৈ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে থিতাতে উপস্থিত হয়। দেওবাৰে পুৱতি নিশাহে জুই নিৰ্বাপন হয়।

উদ্ধাৰ অভিযান এতিয়াও চলি আছে বুলি নিশ্চিত কৰাৰ সময়তে ডি এফ এছৰ মুৰব্বী অতুল গাৰ্গে কয় যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।ইফালে উদ্ধাৰ হোৱা ১১টা নৱজাতকক উন্নত চিকিৎসাৰ বাবে ইষ্ট দিল্লী এডভান্স এন আই চি ইউ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।

Related News