NORTHEAST NOW (Assamese)
অসম

ৰূপহীহাটত নকল নোট আৰু ড্ৰাগছৰ বেহাত জড়িত ৭জনক আটক; নকল নোট ছপোৱা যন্ত্ৰ জব্দ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা February 17, 2020 11:43 am

নগাঁৱৰ ৰূপহীহাটত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই নকল নোটৰ বেহাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজন পুঠিখাইতিৰ তাজামুল ইছলাম আৰু ছাইদৰীয়াৰ জাইবুৰ ইছলাম বুলি জানিব পৰা গৈছে।

দুয়ো দীৰ্ঘদিনৰ পৰা বৃহত্তৰ নগাঁও জিলাত সক্ৰিয় হৈ থকা নকল নোট সৰবৰাহকাৰী চক্ৰৰ সদস্য।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্ব চলা অভিযানটোত আৰক্ষীয়ে ইতিমধ্যে চক্ৰটোৱে ব্যৱহাৰ কৰা দুখনকৈ গাড়ীও জব্দ কৰে।

counterfeit notes
জাল নোটৰ ব্যৱসায়ত জড়িত তাজামুল ইছলাম আৰু জাইবুৰ ইছলাম।

আৰক্ষীৰ দলটোৱে শনিবাৰে বিয়লিও একে অঞ্চলৰ পৰা আন দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা নকল নোট তৈয়াৰ কৰা যন্ত্ৰ আৰু বৃহৎ পৰিমাণৰ নকল নোট জব্দ কৰিছিল।

ইফালে নিশা ৰূপহীহাটতে আৰক্ষীৰ জালত পৰে আন পাঁচজন ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত লোককেইজন ক্ৰমে পুঠিখাইতিৰ ছামছুল হক, আনছাৰুল হক, তেলীয়াচাপৰিৰ মৃণাল ইফটিকাৰ আহমেদ, জুৱেল আহমেদ আৰু জীয়াবুৰ ৰহমান।

আৰক্ষীয়ে তেওঁলোকৰ পৰা বহুকেইটা ড্ৰাগছভৰ্তি চিচিসহ নগদ ধন জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ।

বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি এই অসাধু চক্ৰটোৱে ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল বুলি তথ্য আছিল আৰক্ষী হাতত।