NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা : ৭জন শ্ৰমিক আহত, ৩জনৰ অৱস্থা গুৰুতৰ

Posted by: মানস প্ৰতিম গগৈ April 1, 2019 8:59 pm
Road Accident

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭জনকৈ ব্যক্তি আহত হয়। ইয়াৰে তিনিগৰাকী শ্ৰমিকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে নামদাং চাহ বাগিচাৰ পৰা প্ৰায় ২০ গৰাকীকৈ শ্ৰমিকক এ এছ ২৩ বিচি ৮১৯৭ নম্বৰৰ টাটা মেজিক গাড়ীত বিপদজনকভাৱে কঢ়িয়াই মাৰ্ঘেৰিটা মাকুমকিল্লা দিশে আহি থকা অৱস্থাত মাকুম বাগান তিনি আলিত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা আহি থকা এখন বলেৰ’ পিক আপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে। ফলত মেজিকখনত অহা ৭জনকৈ শ্ৰমিক আহত হয়।

আহতসকল ক্ৰমে দেৱাই মুণ্ডা (২২), সীমা প্ৰজা (২৮), চান্দিনী তাচা (৪০), পূজ লামা (৩২), ৰাজৰী মহাতু (১৮), জীনা মুণ্ডা (৩০) আৰু তুমকি প্ৰজা (৩৫) বুলি চিনাক্ত কৰা হৈছে।

ইপিনে চাহ শ্ৰমিক সকলক দীৰ্ঘদিন ধৰি এনেকৈ বিপদজনকভাৱে গাড়ীত কঢ়িওৱা কাৰ্য্যক ধিক্কাৰ জনাই শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আছাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামানুজ লাক্ৰাই। লগতে আহত সকলক বিনামূলীয়া চৰকাৰী চিকিৎসা প্ৰদান কৰিবলৈও লাক্ৰাই প্ৰশাসনক দাবী জনাইছে।