NORTHEAST NOW (Assamese)
অসম

শিক্ষক বিহীন বিদ্যালয় : অভিভাৱকৰ লগতে অসহায় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

Posted by: ইয়াছিন আলী November 29, 2018 4:50 pm
Photo from Yeasin Ali, Kokila _1543473049458

চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং আব্দাগুৰী প্ৰাথমিক বিদ্যালয়ত বৰ্তমান নাই এজনো শিক্ষক। যোৱা ১৪ দিন ধৰি কোনো শিক্ষক নথকাত কণ কণ ছাত্ৰ ছাত্ৰীয়ে আজি ৰাতিপুৱা শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ ছাত্ৰীৰ অভিযোগ মতে ২০০৬ চনত স্থাপিত বিদ্যালয় খনত ১৫৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে একমাত্ৰ প্ৰধান শিক্ষক আব্দুল মমিনে দীৰ্ঘদিনে পাঠদান কৰি আহিছে। ইয়াৰ মাজতে যোৱা ১৪ নৱেম্বৰত প্ৰধান শিক্ষক জনে এক পথ দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকাত শিক্ষক বিহীন হৈ পৰিছে ২নং আব্দাগুৰী প্ৰাথমিক বিদ্যালয়খন। উপায়ন্তৰ হৈ এছ এম ডি চিৰ সভাপতি জনে ১৫৫ গৰাকী ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছে।

আনহাতে, বিষয়টো বিটিএডিৰ শিক্ষা বিভাগক জনোৱাৰ পাছতো কূম্ভকৰ্ণ নিদ্ৰাত আছে শিক্ষা বিভাগৰ বিষয়া সকল। শিক্ষা বিভাগে গুণোৎসৱ পাতি চমক সৃষ্টি কৰি বাহ বাহ ল’বলৈ ঢাক ঢোল বজাই আহিছে যদিও বিটিএডিত শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উন্মোচিত হৈছে।

কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্যত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, আৰু ৰাইজে বিদ্যালয় চৌহদত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু বিটিচিৰ শিক্ষা বিভাগৰ বিৰুদ্ধে গো বেক, মূৰ্দাবাদ, শিক্ষা বিভাগ হায় হায়, ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি দিয়ক, কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ হেতালি খেলা নচলিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

এবিএমছুৰ বিজনী জিলা সমিতিৰ শিক্ষা সম্পাদক মেহদী আলমৰ নেতৃত্বত এটি সজাতি দলে স্কুল খনত উপস্থিত হৈ শিক্ষা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে  কয় যে চিৰাং জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সমুহত অসংখ্য বিদ্যালয়ত এজন শিক্ষকৰ জৰিয়তে পাঠদান চলি আছে। এয়াই হ’ল হাগ্ৰামা মহিলাৰীৰ মডেল বি টি চিৰ শিক্ষা খণ্ডৰ ফোঁপোলা স্বৰূপ।

এবিএমছুৰ পানবাৰী আঞ্চলিক সমিতিৰ সম্পাদক আবু তালেৱে কয় যে শিক্ষা বিভাগে গুণোৎসৱ পাতিছে ভাল কথা, কিন্তু তাৰ বিপৰীতে এজন শিক্ষকৰ জৰিয়তে পাঠদান কৰাই ছাত্র-ছাত্ৰীৰ জীৱন ধব্বংসৰ মুখলৈ ঠেলি দিছে।

পাচঁটাকৈ শ্ৰেণী যুক্ত বিদ্যালয়খনত একমাত্ৰ প্ৰধান শিক্ষকে সঘনাই শিক্ষা বিভাগৰ বিভিন্ন কাৰ্যালয়ত যাবলগীয়া হোৱাত মাজে মাজে ছাত্ৰ ছাত্ৰীসকল পাঠদান অবিহনে ঘৰমূৱা হ’বলগীয়া বিষয়টোৱে চিন্তিত কৰি তুলিছে অভিভাৱক সকলক। কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ জীৱনলৈ হেতালি খেলা কাৰ্যত অঞ্চল ব্যাপি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।