NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ বিদ্ৰোহ : প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেনৰ অভিযোগ

Posted by: পুলেন্দ্ৰ দাস November 29, 2018 3:36 pm
বৰপেটাত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছী

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে বাৰুকৈয়ে জোকাৰি গৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানত বৰপেটা জিলা কংগ্ৰেছ দলৰ একাংশ নেতাই ধনৰ লেনদেন কৰা বুলি অভিযোগ তুলি জিলাখনৰ একাংশ কংগ্ৰেছ  কৰ্মীয়ে যোৱা ২৬ নৱেম্বৰত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

আজি পুনৰ একাংশ কংগ্ৰেছীয়ে বৰপেটা ৰাজীৱ ভৱনত ৰাতিপুৱাৰ পৰাই অনশন কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছৰ কেইগৰাকীমান নেতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰে ৷

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী, জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু আমছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদে পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত ধনৰ লেনদেন কৰা বুলি পুনৰ অভিযোগ উত্থাপন কৰে অনশন কাৰ্যসূচীত উপস্থিত থকা কংগ্ৰেছ কৰ্মীসকলে ৷

ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে “শুকুৰ আলী মুৰ্দাবাদ, শান্তনু শৰ্মা  মুৰ্দাবাদ, আব্দুৰ ৰহিম আহমেদ মুৰ্দাবাদ, কংগ্ৰেছত দালালৰাজ কৰা নেতাক অপসাৰণ কৰক” আদি বিভিন্ন শ্লোগান দিয়ে ৷

খোদ ৰাজীৱ ভৱনতে কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ মুকলি বিদ্ৰোহৰ ফলত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিৰূপ ফলাফল পাব বুলি আশংকা ব্যক্ত কৰিছে একাংশ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে ৷