NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! পিতৃৰ সৈতে বাইকত যোৱাৰ সময়তে চিলাৰ তাঁৰে কৰিলে আঘাত, মৃ্ত্যু সাত বছৰীয়া শিশুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2024 3:17 pm
kite string

মধ্যপ্ৰদেশৰ ধৰ চহৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। পিতৃৰ সৈতে বাইকত গৈ থকাৰ সময়তে কোনো লোকে উৰুৱাই থকা চিলাৰ তাঁৰ লাগি মৃত্যু ঘটিছে এটি শিশুৰ।

প্ৰকাশিত খবৰ অনুসৰি, বিনোদ চৌহান নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ সাত বছৰীয়া সন্তানৰ সৈতে বাইকেৰে যাত্ৰা কৰি আছিল।

তেওঁলোক হাটোৱাৰা চ’ক অঞ্চলত উপস্থিত হোৱাৰ সময়তে চিলা এখনৰ তাঁৰে বাইকত বহি থকা শিশুটিক আঘাত কৰে আৰু শিশুটিৰ ডিঙিত দ’কৈ কাটি নিয়ে।

লগে লগে তেওঁ আহত পুত্ৰক কাষৰীয়া এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় । কিন্তু শিশুটিৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু চিকিৎসকে বহু চেষ্টা চলোৱাৰ পিছতো শিশুটিৰ প্ৰাণ ৰক্ষাত বিফল হয় আৰু শিশুটিক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মকৰ সংক্ৰান্তি উপলক্ষে অঞ্চলটোত কোনো লোকে এইদৰে চিলা উৰুৱাই আছিল।

এই ঘটনাক দুখজনক আখ্যা দি আৰক্ষীয়ে তদন্তৰ অন্তত সঠিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।