NORTHEAST NOW (Assamese)
Popular Stories

WHOৰ মতে কৰোনাতকৈও অধিক ভয়ংকৰ! ২০ গুণ বেছি মানুহ মাৰিব X ভাইৰাছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2024 3:07 pm

কৰ’না মহামাৰীৰ আশংকা এতিয়াও শেষ হোৱা নাই। দিনক দিনে ভয়ত ঘৰত আবদ্ধ হৈ থকা, মাস্ক পিন্ধি ৰাজপথলৈ ওলাই অহা, মানুহৰ পৰা আঁতৰি থকা সেই দিনবোৰৰ কথা ভাৱিলে এতিয়াও চকুত আন্ধাৰ নামি অহা যেন লাগে।

২০২০-২১ চনত কৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ভীতিগ্ৰস্ত কৰি তুলিছিল। ক’ব পাৰি যে বিভিন্ন দেশত মৃত্যুমিছিল দেখা গৈছিল। মৃতদেহ জ্বলাবলৈ মানুহ বিচাৰি পোৱা টান হৈ পৰিছিল। চিকিৎসা বিজ্ঞানীসকলৰ প্ৰচেষ্টা, নিষ্ঠা আৰু অক্লান্ত পৰিশ্ৰমৰ বাবে অৱশেষত কোভিড ভেকচিনৰ হাত ধৰি কৰ’না ভাইৰাছৰ ভয়াবহতাৰ পৰা মুক্তি মিলিল।

কিন্তু আতংক এতিয়াও শেষ হোৱা নাই। সেই ভয়ংকৰ দিনটো আকৌ আহিব পাৰে! স্বাস্থ্য বিশেষজ্ঞই এনে সতৰ্ক বাৰ্তাই দিলে। কিন্তু এইবাৰ কোভিড নহয়, আগন্তুক মহামাৰীৰ নাম হ’ব পাৰে ডিজিজ এক্স (Disease X)।

লগতে পঢ়কঃ যুদ্ধৰ উকমুকনি! ইৰাক-ছিৰিয়াত মিছাইল আক্ৰমণ ইৰাণৰ, আক্ৰমণ মোছাদৰ কাৰ্যালয়ত

সোমবাৰৰ পৰা ছুইজাৰলেণ্ডৰ ডাভোছত আৰম্ভ হৈছে বিশ্ব অৰ্থনৈতিক মঞ্চৰ পাঁচদিনীয়া বৈঠক। সেই বৈঠকত বিশ্বৰ নেতাসকলৰ আলোচনাত ডিজিজ এক্সৰ বিষয়টো উত্থাপিত হৈছিল। স্বাস্থ্য বিশেষজ্ঞসকলে ৰোগ এক্সক লৈ চিন্তিত। তেওঁলোকে আশংকা কৰিছে যে ডিজিজ এক্সৰ ফলত কোভিড মহামাৰীতকৈ ২০ গুণ বেছি লোকৰ মৃত্যু হ’ব পাৰে। সেয়েহে এই ৰোগ এক্স মহামাৰী প্ৰতিৰোধৰ বাবে আগতীয়াকৈ সাজু হ’বলৈ বাৰ্তা দিছে WHO ৰ মুৰব্বী টেড্ৰছ আধানম গেব্ৰেইছাছে।

ডব্লিউ ই এফৰ বৈঠকত ডিজিজ এক্স কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, স্বাস্থ্য আন্তঃগাঁথনিত কি কি উন্নতি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰা হয়। ডব্লিউ ই এফৰ বৈঠকত স্বাস্থ্য গৱেষকসকলে এই ৰোগ কেনেকৈ নিৰ্ণয় কৰিব পাৰি, ৰোগ প্ৰতিৰোধৰ বাবে কি কি ঔষধ উপলব্ধ, আনকি কি নতুন ভেকচিনৰ প্ৰয়োজন সেই বিষয়েও প্ৰস্তুত হ’বলৈ এক বাৰ্তা প্ৰদান কৰা হ’ব। মুঠতে WHO ৰ মুৰব্বীসকলৰ স্বাস্থ্য বিশেষজ্ঞই আন এক মহামাৰী প্ৰতিৰোধৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ বাৰ্তা দিব।

WHO ৰ তথ্য অনুসৰি Disease X এটা আন্তৰ্জাতিক মহামাৰী, যিটো কোনো অজ্ঞাত ৰোগকাৰক জীৱাণুৰ দ্বাৰা বিয়পিব পাৰে। এই ৰোগ সৃষ্টিকাৰী জীৱাণু ভাইৰাছ বা বেক্টেৰিয়া বা ভেঁকুৰ হ’ব পাৰে। এই ৰোগ সৃষ্টিকাৰী জীৱাণুৱে কোটি কোটি মানুহক সংক্ৰমিত কৰিব পাৰে। গৱেষকসকলৰ হাতত এতিয়াও এই ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বিষয়ে বিতং তথ্য নাই।

লগতে পঢ়কঃ মুৰ্খ চোৰৰ কাণ্ড! গেছ কাটাৰেৰে এটিএম লুট কৰাৰ চেষ্টা; জ্বলি ছাই হৈ গ‘ল ২১ লাখ টকা

তেওঁলোকে কয় যে এই সন্দৰ্ভত অধিক গৱেষণাৰ প্ৰয়োজন। এই ৰোগ সৃষ্টিকাৰী জীৱাণুটো যদি শীঘ্ৰে চিনাক্ত নহয় আৰু প্ৰস্তুতি লোৱা নহয়, তেন্তে বিশ্ব কোভিডতকৈও ডাঙৰ মহামাৰীৰ সাক্ষী হ’ব পাৰে বুলি আশংকা কৰিছে WHO বিশেষজ্ঞসকলে।

উল্লেখ্য যে ২০১৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই আটাইতকৈ চিন্তনীয় ৰোগৰ তালিকা প্ৰকাশ কৰিছিল আৰু ডিজিজ এক্স ইয়াৰ শীৰ্ষত আছিল। তাৰ পিছত আছিল ইবোলা ভাইৰাছ, মাৰ্চ, ছাৰ, নিপাহ, জিকা আদি অতি সংক্ৰামক ৰোগ, যিবোৰৰো মৃত্যুৰ হাৰ অধিক। ২০১৪ চনত ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰাই WHO ৰ বিশেষজ্ঞসকলে ডিজিজ এক্সৰ ওপৰত গৱেষণা আৰম্ভ কৰিছে।