NORTHEAST NOW (Assamese)

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

February 25, 2021 7:49 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

অস্ত্ৰোপচাৰৰ পাছত এটা গৰুৰ পেটৰ পৰা ৭১ কিলোগ্ৰাম প্লাষ্টিক আৰু আন পেলনীয়া বিভিন্ন ধৰণৰ ধাতৱ সামগ্ৰী পোৱা গৈছে।

উত্তৰ প্ৰদেশৰ ফৰিদাবাদত দুৰ্ঘটনাত আহত এটা গৰুৰ অস্ত্ৰোপচাৰ কৰাৰ পাছত এই বৃহৎ পৰিমানৰ বৰ্জনীয় সামগ্ৰী পোৱা গৈছে।

বাতৰি অনুসৰি, পশু চিকিৎসকসকলে সোমবাৰে চাৰিঘন্টা ধৰি এই অস্ত্ৰোপচাৰটো চলায়। গৰুটোৰ পেটৰ ভিতৰত পোৱা পেলনীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে প্লাষ্টিক, বেজি, মুদ্ৰা, কাঁচৰ টুকুৰা, স্ক্ৰু তথা বিভিন্ন ধৰণৰ লোহাৰ পিন।

চৰি ফুৰা গৰুটোৱে ঘাহ খোৱাৰ সময়ত এইবোৰ তাৰ পেটৰ ভিতৰত যোৱা বুলি ধাৰণা কৰা হৈছে।

পশু চিকিৎসক ডাঃ অতুল মাওৰিয়াই কয় যে গৰুটোৰ অস্ত্ৰোপচাৰ সফল হ’লেও এতিয়াও শংকামুক্ত নহয়। অহা ১০ দিন গৰুটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময়।

পথ দুৰ্ঘটনাত আহত হোৱা গৰুটোক ফৰিদাবাদৰ এনআইপি -৫ৰ পৰা উদ্ধাৰ কৰি দেবাশ্ৰী পশু চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসকলে লক্ষ্য কৰিছিল যে গৰুটোৱে নিজেই নিজৰ পেটত একেৰাহে লঠিয়াইছে। তেতিয়া তেওঁলোকে আহত গৰুটোৰ আঘাতৰ বাহিৰে আন কোনো যন্ত্ৰণাৰ কথা অনুমান কৰিব পাৰে।

Related News