NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নতুনকৈ ৭৩৫গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৪০০গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 6:46 am
COVID19-positive-750x375-1

ৰাজ্যখনত দেওবাৰে নতুনকৈ আৰু ৭৩৫গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৪০০গৰাকী লোক আক্ৰান্ত হৈছে।

ৰাজ্যখনত মুঠ কোভিড-১৯পজিটিভ ৰোগীৰ সংখ্যা ১৬৮০৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যত এতিয়ালৈকে ১০৮৯৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫৮৭৩ গৰাকী।

ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হৈ এতিয়ালৈকে ৩৬গৰাকী লোকৰ মৃত্যু হৈছে।

দেওবাৰে বাৰে নিশা এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।

ৰাজ্যখনত শনিবাৰে ৫৩৫গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৪১০গৰাকী লোক আক্ৰান্ত হৈছিল।

শুকুৰবাৰে ৰাজ্যত ৯৩৬গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত গুৱাহাটীতে ৫২১গৰাকী লোক আক্ৰান্ত হৈছিল।

বৃহস্পতিবাৰে ৫৬৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল আৰু ইয়াৰে ৩৫৫গৰাকী লোক গুৱাহাটীত আক্ৰান্ত হৈছিল।

বুধবাৰে ৬৯৬গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি। ইয়াৰে ৪২৩ গৰাকী কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছিল।

সেইদৰে, মঙ্গলবাৰে ৮১৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল আৰু ইয়াৰে ৫৮৮ গৰাকীয়েই মহানগৰী গুৱাহাটীৰ আছিল।

আনহাতে, সোমবাৰে দিনটোত মুঠ ৭৬৫ গৰাকী লোক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল আৰু ইয়াৰে ৫৮৮গৰাকী আছিল গুৱাহাটীৰ।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ৬,৬৮৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।