NORTHEAST NOW (Assamese)

সত্তৰোৰ্ধৰ বৃদ্ধক মৰিয়াই মৰিয়াই হত্যা কৰিলে এদল উন্মত্ত লোকে: পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ

October 13, 2022 3:15 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ বাৰানসীত বুধবাৰে নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। একাংশ উন্মত্ত লোকৰ নিৰ্দয় প্ৰহাৰত বাৰানসীত প্ৰাণ হেৰুৱাইছে এগৰাকী ৭৪ বছৰীয়া বৃদ্ধই।

প্ৰকাশিত খবৰ অনুসৰি, নিহত বৃদ্ধগৰাকীয়ে তেওঁৰ ঘৰৰ কাষতে কাজিয়াত লিপ্ত হোৱা একাংশ লোকৰ বিৰোধ কৰি সেই স্থানৰ পৰা আঁতৰি যাবলৈ কৈছিল। কিন্তু এই কথাতে উন্মত্ত দলটোৱে পুত্ৰসহ বৃদ্ধগৰাকীক আক্ৰমণ কৰে।

লাঠিৰে নিৰ্দয়ভাৱে কৰা এই আক্ৰমণত বৃদ্ধগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক স্থানীয় এক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়তে মৃত্যুবৰণ কৰে।

নিহত ব্যক্তিগৰাকীক পশুপতিনাথ সিং বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণত তেওঁৰ পুত্ৰ ৰাজন সিঙো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত এ সতীশ গণেশে জানিবলৈ দিয়া মতে আক্ৰমণত জড়িত থকা ১৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত পাঁচগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ লগতে কয়।

ইফালে ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দুগৰাকী কনিষ্টবলসহ ৯ গৰাকী আৰক্ষী কৰ্মীকো নিলম্বিত কৰা হৈছে বুলি মন্তব্য কৰি আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাটোত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

Related News