NORTHEAST NOW (Assamese)
Popular Stories

পঢ়াই পঢ়ে, ৰোৱে পাণ: শিক্ষাৰ হেঁপাহ পূৰণৰ বাবে নৱম শ্ৰেণীত ৭৮ বৰ্ষীয় ছাত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2023 2:45 pm
78-year-old student of Mizoram

শিক্ষা লাভৰ বাবে বয়সৰ কোনো সীমনা নাই। বয়সৰ বাধা অতিক্ৰম কৰি জ্ঞান লাভৰ অফুৰন্ত হেঁপাহ পূৰণৰ অনেক উদাহৰণ সময়ে সময়ে আমি দেখিবলৈ পাওঁ। এনে এক নৱ উদাহৰণৰ ৰূপত শেহতীয়াকৈ পোহৰলৈ আহিছে মিজোৰামৰ এক কাহিনী।

এই কাহিনীৰ নায়ক লালৰিংথাৰা। পূৱ মিজোৰামৰ ৭৮ বছৰীয়া এই ব্যক্তিগৰাকীয়ে নিজৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ মানসেৰে বয়সৰ হেঁচাক পিছলৈ ঠেলি আগুৱাই গৈছে। স্কুলৰ ইউনিফৰ্ম পিন্ধি, কিতাপেৰে ভৰা বেগ এটা লৈ নিজৰ শ্ৰেণীকোঠালৈ যাবলৈ প্ৰতিদিনে ৩ কিলোমিটাৰ যাত্ৰা কৰে লালৰিংথাৰাই।

মিজোৰামৰ চম্পাই জিলাৰ হ্ৰুয়াইকাউন গাঁৱৰ মিষ্টাৰ লালৰিংথাৰাৰ এই কাহিনী এতিয়া সকলোৰে বাবে প্ৰেৰণাদায়ক হৈ পৰিছে। তেওঁ চলিত শিক্ষাবৰ্ষৰ বাবে হ্ৰুৱাকাউন গাঁৱৰ ৰাষ্ট্ৰীয় মধ্যম শিক্ষা অভিযান হাইস্কুলত নৱম শ্ৰেণীত নামভৰ্তি কৰিছে।

১৯৪৫ চনত ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰৰ খুয়াংলেং গাঁৱত জন্মগ্ৰহণ কৰা লালৰিংথাৰাই পিতৃৰ মৃত্যুৰ বাবে দ্বিতীয় শ্ৰেণীৰ পিছতে বাদ দিবলগীয়া হৈছিল স্কুলীয়া শিক্ষা। পৰিয়ালৰ একমাত্ৰ সন্তান হোৱাৰ বাবেই তেওঁ সৰুতে ঝুম পথাৰত মাকক সহায় কৰিবলৈ বাধ্য হৈছিল।

এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ পিছত অৱশেষত ১৯৯৫ চনত নিউ হ্ৰুয়াইকাউন গাঁৱত বসতি স্থাপন কৰে তেওঁলোকৰ পৰিয়ালে। দৰিদ্ৰতাৰ কোঙাত পৰি তেওঁ স্কুলীয়া জীৱনৰ মোহ পৰিত্যাগ কৰিবলগীয়া হয়।

কিন্তু, নিজৰ শিক্ষা লাভৰ হাবিয়াস কোনোদিনেই পৰিত্যাগ কৰা নাছিল লালৰিংথাৰাই। ইংৰাজী ভাষাৰ দক্ষতা বৃদ্ধি কৰাৰ মানসেৰে তেওঁ পুনৰ স্কুললৈ যোৱাৰ সিদ্ধান্ত লয়। তেওঁৰ মূল লক্ষ্য আছিল ইংৰাজী ভাষাত এপ্লিকেচন লিখিব পৰা আৰু টেলিভিছনৰ বাতৰিৰ প্ৰতিবেদন বুজিব পৰা।

প্ৰকাশিত খবৰ অনুসৰি, লালৰিংথাৰাৰ মিজো ভাষাত পঢ়া-শুনা কৰাৰ ক্ষেত্ৰত কোনো সমস্যা নাই। তেওঁৰ নিজ ভাষ্য মতেই, অৱশ্যে ইংৰাজী ভাষা শিকাৰ আকৰ্ষণে তেওঁৰ শিক্ষাৰ আকাংক্ষাক ইন্ধন যোগাইছে।

নিউ হ্ৰুয়াইকাউনত চাৰ্চ ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত লালৰিংথাৰাই কয়, “মিজো ভাষাত পঢ়া-লিখাত মোৰ কোনো অসুবিধা নাই। অৱশ্যে ইংৰাজী ভাষা শিকাৰ আকৰ্ষণে মোৰ শিক্ষাৰ আকাংক্ষাক ইন্ধন যোগাইছে।”

“আজিকালি প্ৰতিটো সাহিত্যৰ মাজত কিছুমান ইংৰাজী শব্দৰ সূত্ৰপাত ঘটিছে, যিটোৱে মোক প্ৰায়ে বিভ্ৰান্ত কৰে, গতিকে মই মোৰ জ্ঞান বৃদ্ধিৰ বাবে, বিশেষকৈ ইংৰাজী ভাষাত জ্ঞান লাভৰ বাবে স্কুললৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিলো।”- লালৰিংথাৰাই লগতে কয়।

নিউ হ্ৰুয়াইকাউন মধ্যবিদ্যালয়ৰ দায়িত্বত থকা প্ৰধান শিক্ষক ভানলালকিমাৰ মতে, “লালৰিংথাৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়ৰে বাবে এক প্ৰেৰণা আৰু প্ৰত্যাহ্বান। শিক্ষণৰ প্ৰতি আকৰ্ষণ থকা এজন প্ৰশংসনীয় ব্যক্তিক যিখিনি সহায় আগবঢ়াব পৰা যায়, সেই সকলো সমৰ্থনৰ যোগ্য।”