NORTHEAST NOW (Assamese)

মিজোৰামৰ শিল কুৱেৰী স্খলনত আঠগৰাকী লোকৰ মৃত্যু: এতিয়াও নিখোঁজ চাৰিগৰাকী

November 15, 2022 8:08 am · এন ই নাও নিউজ, গুৱাহাটী

চুবুৰীয়া ৰাজ্য মিজোৰামত সোমবাৰে এটা শিলৰ কুৱেৰীত হোৱা স্খলনৰ ফলত খহি পৰা মাটিত পোঁত যোৱা আঠগৰাকী শ্ৰমিকৰ মৃতদেহ এইপৰ্যন্ত উদ্ধাৰ কৰা হৈছিল। আনহাতে নিখোঁজ হোৱা আন চাৰিগৰাকী শ্ৰমিকৰ সন্ধান এতিয়াও অব্যাহত আছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে এক বিবৃতিত উল্লেখ কৰা মতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃতদেহ কেইটাৰ চিনাক্তকৰণ কৰা হ’ব। ঘটনাস্থলীত এতিয়াও অভিযান চলি আছে আৰু সন্ধানহীন আটাইকেইগৰাকী লোক উদ্ধাৰ নোহোৱালৈকে অভিযান অব্যাহত থাকিব বুলি বিবৃতিত লগতে কোৱা হৈছে।

উল্লেখ্য ৰাজ্যখনত এটা শিলৰ কুৱেৰী খহি পৰাৰ ফলত বিহাৰৰ প্ৰায় ১২ গৰাকী শ্ৰমিক খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ পৰিছিল।

হনাথিয়েল জিলাৰ মৌদাৰহ অঞ্চলত থকা এটা প্ৰাইভেট কোম্পানীৰ শ্ৰমিকসকলে খাদ্য গ্ৰহণ কৰি পুনৰ কামলৈ উভতি অহাৰ সময়তে শিলৰ কুৱেৰীটোত স্খলন হৈছিল।

এই ভয়াৱহ ঘটনাত কুৱেৰীটোত থকা পাঁচখন হিটাচি খনন বাহন আৰু অন্যান্য ড্ৰিলিং মেচিনৰ লগতে ১২ গৰাকী শ্ৰমিক কুৱেৰীৰ তলত সোমাই পৰিছিল।

স্থানীয় লেইট গাঁও আৰু হনাথিয়েল চহৰৰ একাংশ স্বেচ্ছাসেৱক কৰ্মী ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল যদিও কালি পৰ্যন্ত কোনো লোকৰে সন্ধান উলিয়াব পৰা নাছিল।

আনহাতে উদ্ধাৰ অভিযানৰ উদ্দেশ্যে পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু অসম ৰাইফলছৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছিল।

জানিব পৰা মতে, প্ৰাইভেট কোম্পানীৰ দ্বাৰা পৰিচালিত এই কুৱেৰীটো আঢ়ৈ বছৰ ধৰি কাৰ্যক্ষম হৈ আছে।

Related News