NORTHEAST NOW (Assamese)

সমগ্ৰ দেশতে ৮ কোটি টকাৰ ভুৱা ডাকটিকটৰ ৰেকেট বন্ধ! গ্ৰেপ্তাৰ ৩ অভিযুক্ত

October 21, 2025 7:38 pm · এন ই নাও নিউজ, গুৱাহাটী

সমগ্ৰ দেশতে ভুৱা ডাক টিকটৰ ৰেকেট ভাঙি পৰিল। সূত্ৰৰ পৰা জানিব পৰা মতে এই ৰেকেট দিল্লী আৰু বিহাৰৰ পৰা চলি আছিল। মুম্বাই আৰক্ষীয়ে ৮ কোটি টকাৰ এই অবৈধ ৰেকেট (৮ কোটি টকাৰ ভুৱা ডাক টিকট কেলেংকাৰী)ত জড়িত থকাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোক দুজন হৈছে ৰাকেশ বিন্দ, ছামছুদ্দিন আহমেদ আৰু শ্বাহিদ ৰেজা। ৰাকেশ আৰু ছামছুদ্দিন পেছাত ব্যৱসায়ী আৰু শ্বাহিদে কেৰাণী হিচাপে কাম কৰে। বৃহস্পতিবাৰলৈকে তেওঁলোকক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

মুম্বাই আৰক্ষীয়ে দিয়া তথ্য অনুসৰি অভিযুক্তই ভুৱা ডাক ডাকটিকট আচল টিকটৰ আধা দামত বিক্ৰী কৰিছিল। তেওঁলোকৰ বেংক একাউণ্টত প্ৰায় ৮ কোটি টকাৰ লেনদেনৰ কথা পোহৰলৈ আহিছে।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, এই ভুৱা ডাক টিকট কোনে কিনিছে আৰু এই ৰেকেটৰ লগত কোন জড়িত আছে সেই কথা জানিবলৈ আৰক্ষী আৰু ডাক বিভাগে তদন্ত আৰম্ভ কৰিছে। ডাক বিভাগে সাধাৰণ ৰাইজক বাৰে বাৰে ডাক টিকট পৰীক্ষা কৰাৰ উপদেশ দিছে আৰু লগতে যিকোনো সন্দেহজনক কাম-কাজ নিকটতম ডাকঘৰ বা উপ-ডাকঘৰত খবৰ দিবলৈয়ো পৰামৰ্শ দিছে।

Related News