NORTHEAST NOW (Assamese)
মিজোৰাম

অসম-মিজোৰাম সীমান্তত ৮গৰাকী ৰহিংগিয়া যুৱতী আটক

Posted by: এন ই নাও নিউজ April 25, 2019 11:48 am
Rohingya-1-750x375

বুধবাৰে মিজোৰাম আৰক্ষীয়ে অসম-মিজোৰাম সীমান্তৱৰ্তী ভাইৰেংটিত ৮গৰাকীকৈ ৰোহিংগিয়া যুৱতীক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে যুৱতী কেইগৰাকীক শিলচৰৰ পৰা মিজোৰামলৈ গৈ থকা এখন যাত্ৰীবাহী গাড়ীৰ পৰা আটক কৰা হয়।

মিজোৰামৰ ভাইৰেণ্টি চেকগেটত বুধবাৰে পুৱতি নিশা তালাচি চলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে।

ধৃত যুৱতী কেইগৰাকীৰ নাম শর্মিলা নাৰা (১৮), অতৰিজা (১৮),শ্বানভৰ (১৮), শেখুহ, (১৮),তাজমী (১৯) নূৰখৈয়াশ (১৮), তৈয়বা (২২) আৰু ৰুবিনা (২০) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে লগত কোনোধৰণৰ বৈধ অনুজ্ঞাপত্ৰ নথকাকৈয়ে যুৱতীকেইগৰাকীয়ে ভাৰতত প্ৰৱেশ কৰিছিল। বৰ্তমান মিজোৰাম আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত ৰাখি সোধা পোছা চলাই আছে ৷