NORTHEAST NOW (Assamese)
অসম

আজি ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ৰিঙত নামিব পদক নিশ্চিত কৰা শিৱ থাপা

Posted by: এন ই নাও নিউজ April 25, 2019 11:28 am
Shiva-Thapa-750x375

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেৰাহে চতুৰ্থবাৰৰ বাবে পদক নিশ্চিত কৰি প্ৰথমজন ভাৰতীয় বক্সাৰ হিচাপে বিৰল কৃতিত্বৰ অধিকাৰী হোৱা অসম সন্তান শিৱ থাপাই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত প্ৰৱেশৰ লক্ষ্যৰে আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।

ইয়াৰ বাবে আজি থাপাই পৰাস্ত কৰিব লাগিব কাজাখাস্তানৰ জাকিৰ ছেফিউলিনক। ২০১৫ চনৰ ৰূপৰ পদক বিজয়ী ছেফিউলিনে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব যদিও দুৰ্দান্ত ফৰ্মত থকা থাপা ইয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত।

বেংককত চলি থকা এছিয়ান কনফেডাৰেইশ্যন বক্সিং চেম্পিয়নশ্বিপত ৬০ কেজিৰ লাইটৱেইটত খেলা থাপাই কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ ৰুজাক্ৰন জানট্ৰঙক ৫-০ পইণ্টত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল। এইবাৰ পদক নিশ্চিত হোৱাৰ লগে লগে এছিয়ান চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে চতুৰ্থটো পদক পোৱা প্ৰথম ভাৰতীয় বক্সাৰ হিচাপে পৰিণত হৈছে শিৱ থাপা।