NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইনে ৰাছিয়ালৈ নিক্ষেপ কৰিব পাৰে ‘ডাৰ্টি বোমা’! কি এই ‘ডাৰ্টি বোমা’?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2022 4:55 pm
Russia-Ukraine war dirty bomb

শেহতীয়াকৈ পুনৰবাৰ অধিক ভয়াৱহ হৈ উঠিছে ৰুছ-ইউক্ৰেইনৰ যুদ্ধকালীন পৰিস্থিতি। যোৱা ৮ মাহে ৰাছিয়াই এৰা নাই সংহাৰী ৰূপ। ইউক্ৰেইনেও মনা নাই হাৰ। দুই পক্ষৰ মাজত চলিছে বোমা-বাৰুদৰ কথোপ-কথন।

যুদ্ধৰ মাজতে ইখন দেশে সিখন দেশলৈ থেলি দিছে না না ঘটনাৰ দায়িত্ব। ইখন দেশে সিখন দেশৰ বিৰুদ্ধে আনিছে সঁচা মিছা বিভিন্ন অভিযোগ। এনে এক পৰিৱেশৰ মাজতে ৰাছিয়াই অভিযোগ উত্থাপন কৰিছে যে ইউক্ৰেইনে ৰাছিয়ালৈ নিক্ষেপ কৰিবলৈ উদ্যত হৈছে ‘ডাৰ্টি বোমা’।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গে শুইগুৱে যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী বেন ওৱেলছৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত এই অভিযোগ সদৰী কৰিছে।

পিছে কি এই ডাৰ্টি বোমা? ডাৰ্টি বোমা হৈছে এক প্ৰকাৰৰ পাৰমাণৱিক বোমা। যি বোমাই বিস্তৃত অঞ্চলজুৰি তেজস্ক্ৰিয় পদাৰ্থ এৰি দিব পাৰে। এই বোমাৰ পৰিণাম হ’ব পাৰে অতিকে ভয়ংকৰ।

যদিহে ইউক্ৰেইনে ৰাছিয়ালৈ এই বোমা নিক্ষেপ কৰে তেন্তে ৰাছিয়াৰ বিস্তৃৰ্ণ অঞ্চল হৈ পৰিব পাৰে মৃত্যুৰ ৰম্যভূমি। বিস্তৃণ অঞ্চলত নিঃশেষ হৈ পৰিব পাৰে প্ৰাণী আৰু উদ্ভিদ।

কিন্তু ৰাছিয়াৰ এই অভিযোগ নসাৎ কৰিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে প্ৰতিঅভিযোগত কয় যে ইউক্ৰেইনৰ এনে কোনো অভিপ্ৰায় নাই। ৰাছিয়াই হে এনেধৰণৰ বোমা নিক্ষেপৰ বাবে উদ্যত হৈ আছে।

মুঠৰ ওপৰত দুই দেশ এতিয়া যুদ্ধৰ নিচাত মাতাল। কোনেও নাজানে এই মৃত্যুৰ ধেমালীৰ কেতিয়া ওৰ পৰিব।