NORTHEAST NOW (Assamese)
অসম

এইবাৰ কৃষ্ণাইৰ উলুপৰাত চাঞ্চল্য : ডাইনী সন্দেহত মাতৃ-পুত্ৰক আক্ৰমণ, গুৰুতৰভাৱে আহত পুত্ৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা May 25, 2021 7:47 pm
witch-hunting-0928048423-900x450

সোবমবাৰে বাক্সা জিলাৰ কুমাৰীকাটাৰ ডাইনী সন্দেহত এজন লোকক হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ তদ্ৰূপ ঘটনাৰ বাতৰি আহিছে। বাতৰিৰ মতে এইবাৰ ঘটনাৰ স্থান গোৱালপাৰাৰ জিলাৰ কৃষ্ণাই।

জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত উলুপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ জানিব পৰা মতে, উলুপাৰাৰ ৰমলা ম’মিন নামৰ মহিলা গৰাকীক ডাইনী সন্দেহত একে গাঁৱৰে যুৱক এজন মাৰধৰ কৰে৷

এই ঘটনাক কেন্দ্ৰ কৰিয়ে অঞ্চটোত সৃষ্টি হৈছে উত্তেজনাময় পৰিবেশৰ৷ ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত হোৱা সংঘাতত দুজন লোক গুৰুতৰভাৱে আহত হৈছে৷

আহত লোক দুগৰাকী হৈছে ক্ৰেনতী মাৰাক আৰু জেন্টু ম’মিন৷ ইয়াৰে আহত জেন্টু  মমিন ডাইনী সন্দেহত নিগৃহীত ৰমলা মমিনৰ পুত্ৰ৷

ৰমলা ম’মিনক ডাইনী সন্দেহত মায়তা মাৰাক নামৰ যুৱকজনে অগুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে৷

অৱশ্যে, ঘটনাৰ খবৰ পোৱা মাত্ৰে কৃষ্ণাই আৰক্ষী থানা আৰু কুকুৰকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয় ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷