NORTHEAST NOW (Assamese)
অসম

কামৰ সময় ৬ ঘণ্টালৈ হ্ৰাস আৰু বাগিচাৰ শ্ৰমিকক ৯৫ মাস্ক প্ৰদানৰ দাবী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 25, 2021 7:25 pm
Bokakhat

বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিছাত শ্ৰমিকক এন ৯৫ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ দিবৰ বাবে শ্ৰমিক সংঘৰ আহ্বান৷

লগতে কোভিড সংক্ৰমণৰ বাবে শ্ৰমিক সকলৰ কামৰ সময় ৮ ঘন্টাৰ পৰিবৰ্তে ৬ ঘন্টা কৰি দৈনিক হাজিৰা প্ৰদান কৰিবৰ বাবেও অসম চৰকাৰক তেওঁলোকে দাবী জনায়৷

লখৌজান চাহ বাগিচাৰ সংঘৰ উপ সভাপতি প্ৰভাত নাহকে জনোৱা মতে সম্প্ৰতি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক এমাহৰ বাবে মাত্ৰ এখনকৈ ডিচপজেৱল মাস্কহে দিছে৷ যাৰ বাবে মাস্কৰ অভাৱত পৰিব লগা হৈছে শ্ৰমিক সকল ৷ সেয়েহে অচিৰেই

শ্ৰমিক সকলক উন্নত মানৰ এন ৯৫ মাস্কৰ যোগান ধৰিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিবৰ বাবেও অসম চৰকাৰক দাবী জনাইছে বুলিও তেওঁ জনায়৷

৮ ঘন্টাৰ পৰিৱৰ্তে সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি ৬ ঘন্টাৰ বাবেহে শ্ৰমিক নিয়োজিত কৰিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনায় লখৌজানৰ শ্ৰমিক সকলে৷

এনে পটভূমিত মঙ্গলবাৰৰ দিনা লখৌজান চাহ বাগিচাৰ ব্যৱসায়ী অর্জুন শর্মা, বিজু শৰ্মা, জয়ন্ত বৰা আৰু সঞ্জয় ঠাকুৰে শ্ৰমিক সংঘৰ সহযোগত বাগিচাৰ শ্ৰমিকসকলৰ মাজত হেণ্ড ৱাচাৰ, মাস্ক আৰু ডেটল চাবোন বিতৰণ কৰে৷

সামগ্ৰী বিতৰণৰ সময়তেই কোভিড সংক্ৰমন প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়েও শ্ৰমিকক সজাগ কৰে৷

এই অভিযানত লখৌজান চাহ বাগিচা সংঘৰ উপ সভাপতি প্ৰভাত নাহক আৰু কাৰ্যকৰ্তা উমেশ তাঁতীৰ উপৰিও অনান্য লোকেও সহযোগ কৰে৷