NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত ভাৰতীয় সেনাৰ গুলীত ৮ জন উগ্ৰপন্থী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 1:10 pm

দক্ষিণ কাশ্মীৰত ভাৰতীয় সেনাৰ সৈতে হোৱা দুটা পৃথক পৃথক সংঘৰ্ষত ৮ জন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়।

নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰথমটো সংঘৰ্ষ চোপিয়াৰ মুনান্দত সংঘটিত হয় আৰু দ্বিতীয়টো সংঘৰ্ষ লাগে অৱন্তীপোৰাৰ মীজ পম্পোৰত।

প্ৰথমটো সঘৰ্ষত ৫ গৰাকী আৰু দ্বিতীয়টো সংঘৰ্ষত মৃত্যু হয় ৩ জন উগ্ৰপন্থীৰ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰাই মুনান্দ অঞ্চলত ভাৰতীয় সেনাৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষ আৰম্ভ হৈছিল। সংঘৰ্ষ আৰম্ভ হোৱাৰ কিছু সময় পিছতেই এজন উগ্ৰপন্থীক মাৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত নিশা হোৱা বাবে অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয় ভাৰতীয় সেনা। কিন্তু আজি ৰাতিপুৱা অভিযান পুনৰ আৰম্ভ কৰি চাৰিজন উগ্ৰপন্থীক গুলীয়াই নিহত কৰে।

ইফালে পুলৱামা জিলাৰ মীজ পম্পোৰস্থিত এটা মছজিদৰ ভিতৰত আশ্ৰয় লৈ থকা দুজন সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ গুলীত নিহত হয়।

এই ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে পুলৱামাৰ পম্পোৰ অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে বাহৰ পতা বুলি এটা সূত্ৰৰ পৰা গম পোৱাত নিৰাপত্তৰক্ষী বাহিনীয়ে এই অভিযানটো চলায়।

উল্লেখ্য যে কাশ্মীৰ উপত্যকাত যোৱা দুমাহত নিৰাপত্তাৰক্ষীৰ গুলীত ৫০ ৰো অধিক উগ্ৰপন্থী নিহত হয়।