NORTHEAST NOW (Assamese)
অসম

গেৰুকামুখৰ নামনি জলবিদ্যুৎ প্ৰকল্পৰ স্থানত চলি থকা ভূমিস্খলনৰ বাবে ভাগিল মথাউৰি

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ June 19, 2020 1:10 pm
Story-2a-1140x570

সোৱণশিৰি নৈয়ে শুকুৰবাৰে গেৰুকামুখৰ নিৰ্মিয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মথাউৰিটো(coffer dyke)ভাঙি পেলায়।

অঞ্চলটোৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাহাৰত হৈ থকা নেৰানেপেৰা বৰষুণে যোৱা ২৬ মে’ৰ পৰা বান্ধটোৰ ওচৰত নিয়মীয়াভাৱে ভূমিস্খলন ঘটাই আহিছে।

গেৰুকামুখৰ এনএইচপিচিৰ এগৰাকী বিষয়াক যোগাযোগ কৰাত কয় যে মথাউৰিটো বেয়া বতৰত সোৱণশিৰিৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছিল।

নদীপৃষ্ঠৰ পৰা সংগ্ৰহ কৰা বালিৰে মথাউৰিটো বন্ধা হৈছিল।

‘’প্ৰতিটো বতৰতে সম্পূৰ্ণ গাঁথনি নথকা এই মথাউৰিবোৰ নদীৰ প্ৰবল সোতে উটুৱাই নিয়ে,’’-এনএইচপিচিৰ এগৰাকী বিষয়াই কয়।

‘’মথাউৰিটো ভঙাৰ ফলত বান্ধটোৰ বা অঞ্চলটোৰ নামনিত থকা লোকসকলৰ বাবে কোনো ভাবুকি নাহে,’’-বিষয়াগৰাকীয়ে লগতে কয়।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প স্থানৰ ওচৰৰ অঞ্চলৰ ভূমিস্খলনে নদীখনৰ ঘূৰ্ণীয়মান টানেলৰ আৱৰণৰ ক্ষতি কৰিছে।

ইয়াৰ মাজতে, অৰুণাচল প্ৰদেশৰ য়াজালিৰ নীপকোৰ ৫০০মেগাৱট ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা বান্ধৰ পানী মুকলি কৰিব বুলি ওলোৱা বাতৰি ৰঙানদীৰ নৈপৰীয়া অঞ্চলত বাস কৰা উত্তৰ লখিমপুৰৰ লোকসকলৰ মাজত আতংকই বিৰাজ কৰে।

উত্তৰ লখিমপুৰ জিলা প্ৰশাসনে য়াজুলিৰ নীপকোৰ পৰা পোৱা জাননীৰ পাছতে ৰঙানদীৰ নৈপৰীয়া অঞ্চলত বাস কৰা লোকসকল সতৰ্ক কৰি দিছে।