NORTHEAST NOW (Assamese)
অসম

আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা, বিৰাট কোহলী অধিনায়ক নিৰ্বাচিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2020 4:50 pm
Virat-Kohli-

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে আজি দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰে।

আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ঠ দলত ভৰত দুগৰাকী, অষ্ট্ৰেলিয়াৰ দুগৰাকী, ইংলেণ্ডৰ চাৰিগৰাকী আৰু নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ এগৰাকীকৈ ক্ৰিকেটাৰে স্থান লাভ কৰে।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচন কৰাৰ বিপৰীতে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলেষ্টেয়াৰ কুক আৰু ডেভিড ৱাৰ্ণাৰক অপেনাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

দলটোত একমাত্ৰ স্পীনাৰ হিচাপে স্থান লাভ কৰিছে ভাৰতীয় অফস্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে।

আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দলটো হৈছে- বিৰাট কোহলী(অধিনায়ক), এলেষ্টেয়াৰ কুক, ডেভিড ৱাৰ্ণাৰ, কানে উইলিয়ামছন, ষ্টিভ স্মিথ, কুমাৰ ছাংগাকাৰা(উইকেট ৰক্ষক), বেন ষ্টোক, ৰবিচন্দ্ৰন আশ্বিন, ডেল ষ্টেইন, ষ্টুৱাৰ্ড ব্ৰ’ড আৰু জিমি এণ্ডাৰছন।