NORTHEAST NOW (Assamese)
অসম

ইয়াকে কয় উপহাৰ! বিবাহবাৰ্ষিকীত পত্নীক চন্দ্ৰত মাটি কিনি দলে এইগৰাকী ভাৰতীয় ব্যৱসায়ীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2020 4:30 pm
WhatsApp Image 2020-12-27 at 4.00.25 PM

আকাশৰ জোনটো প্ৰেমিকাক আনি দিয়াৰ স্বপ্ন বহু প্ৰেমিকৰে থাকিলেও বাস্তৱত সেয়া সপোনৰে নামান্তৰ। কিন্তু ৰাজস্থানৰ ধৰ্মেন্দ্ৰ অনিজাৰ বাবে কথাটো কিছু সুকীয়া।জোনটো নহ’লেও পত্নীক দিলে এক বিৰল উপহাৰ।

যোৱা ২৪ ডিচেম্বৰত ৰাজস্থানৰ আজমীৰৰ বাসিন্দা ধৰ্মেন্দ্ৰ অনিজা আৰু স্বপ্না অনিজাৰ অষ্টম বিবাহবাৰ্ষিকী আছিল। সাধাৰণতে এই দিনটোত ইজনে-সিজনক মূল্যবান উপহাৰ দিয়েই আহিছে।

কিন্তু এইবাৰ ধৰ্মেন্দ্ৰ অনিজাই পত্নীক দিলে এক বিশেষ উপহাৰ। বিবাহবাৰ্ষিকীত পত্নীক চন্দ্ৰত মাটি কিনি দিলে ব্যৱসায়ীগৰাকীয়ে। এয়া কাহিনী নহয়, বাস্তৱ।

ধৰ্মেন্দ্ৰই চন্দ্ৰৰ তিনি একৰ মাটি ক্ৰয় কৰিছে আৰু সেই মাটি পত্নী স্বপ্নাৰ নামত লিখি দিছে।

ধৰ্মেন্দ্ৰই এইবাৰ পত্নীক এক ব্যতিক্ৰমী উপহাৰ দিয়াৰ কথা ভাৱি আছিল আৰু অষ্টম বিবাহবাৰ্ষিকীত চন্দ্ৰত এটুকুৰা মাটি কিনি দিয়াৰ পৰিকল্পনা কৰিছিল।

পৰিকল্পনা অনুসৰি, এবছৰ পূৰ্বৰে পৰা তেওঁ এই পৰিকল্পনা কৰিছিল আৰু গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ এবছৰ সময় লাগি যায়।

বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ লুনা ছচাইটি ইন্টাৰনেশ্যনেলৰ পৰা ধৰ্মেন্দ্ৰ অনিজাই তিনি একৰ মাটি কিনিছিল।

চন্দ্ৰত মাটি কিনি ধৰ্মেন্দ্ৰ অনিজা অত্যন্ত আনন্দিত। কিয়নো তেওঁ জানিবলৈ দিয়ে যে তেওঁৱেই চন্দ্ৰত মাটি কিনা ৰাজস্থানৰ প্ৰথমগৰাকী ব্যক্তি।

এনে বিৰল উপহাৰ লাভ কৰি আনন্দত অধীৰ হৈ পৰিছে ধৰ্মেন্দ্ৰৰ পত্নী স্বপ্না। তেওঁ জানিবলৈ দিয়ে যে এই উপহাৰটো পোৱাৰ পাছত তেওঁ নিজকে চন্দ্ৰত বহি থকা বুলি অনুভৱ কৰিছে। তেওঁ যেন এতিয়াও কথাটো বিশ্বাসেই কৰিব পৰা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে শ্বাহৰুখ খান আৰু সুশান্ত সিং ৰাজপুতে চন্দ্ৰত মাটি কিনিছিল। তদুপৰি বৌধগয়াৰ এগৰাকী ব্যক্তিয়েও চন্দ্ৰত ১ একৰ মাটি ক্ৰয় কৰিছিল।