NORTHEAST NOW (Assamese)
অসম

দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱৰ সিঙৰ ৯৩ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2024 2:10 pm

প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱৰ সিঙৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ। দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী। শনিবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, তেওঁ অসুস্থতাৰ বাবে যোৱা কেইসপ্তাহমানৰ পৰা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। শনিবাৰে সেই চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

১৯৩১ চনত ৰাজস্থানৰ ভাৰতপুৰত জন্মগ্ৰহণ কৰিছিল নটৱৰ সিঙে। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেওঁ কূটনীতিবিদ আছিল। ইয়াৰ পূৰ্বে ১৯৫৩ চনত ২২ বছৰ বয়সত আই এফ এছ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেওঁ ব্ৰিটেইনত ভাৰতৰ উপ-উচ্চায়ুক্ত হিচাপে নিযুক্তি লাভ কৰে।

লগতে পঢ়কঃ আদানী সম্পৰ্কত বিস্ফোৰণ হিণ্ডেনবাৰ্গৰ : কেলেংকাৰীত নাম সাঙুৰ খাইছে ছেবীৰ অধ্যক্ষ মাধৱী বুচ

নটৱৰ সিঙে ১৯৮৫-৮৬ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মন্ত্ৰীসভাত তীখা, খনি, কয়লা আৰু কৃষি বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে যোগদান কৰে আৰু পিছলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হিচাপে যোগদান কৰে।

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত নটৱৰ সিঙে ২০০৪-০৫ চনত বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুৰ্নীতিৰ অভিযোগত এবছৰৰ পিছতে তেওঁ পদত্যাগ কৰে।