NORTHEAST NOW (Assamese)
অসম

পাণ্ডেয়া, পোলাৰ্ডৰ দৰে ‘বিগ হিটাৰছ’ সকল চলিত আই পি এলত ব্যৰ্থ হ’ব : ৰামিজ ৰাজা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 7:12 pm

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা ২০২০ বৰ্ষৰ আই পি এলত ‘বিগ হিটাৰছ’ সকল ব্যৰ্থ হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাই।

ৰাজাই ক্ৰিছ লিন, কিৰণ পোলাৰ্ড আৰু পাণ্ডেয়া ভাতৃদ্বয়ৰ দৰে বেটছমেন সকল চলিত চিজনত ব্যৰ্থ হ’ব উল্লেখ কৰি হাৰ্দিক পাণ্ডেয়াই স্পীন বলিং ভালে খেলে বুলিও কয়।

”যিটো দলৰ ভাল স্পীন ডিপাৰ্টমেণ্ট আছে সেই দলটোৱে চলিত বৰ্ষৰ আই পি এলত ভাল প্ৰদৰ্শন আগবঢ়াব,” ৰামিজ ৰাজাই কয়।

আনহাতে, ৰাজাই চলিত বৰ্ষৰ আই পি এল বেগী বলাৰ সকলৰ বাবে কিছু পৰিমাণে কষ্টকৰ হ’ব বুলি উল্লেখ কৰি বেগী বলাৰ সকলে বলিঙত বিভিন্নতাৰ প্ৰয়োগ কৰিব লাগিব বুলি কয়।

উল্লেখযোগ্য যে, চেন্নাই চুপাৰ কিংগছ, দিল্লী ডেয়াৰ ডেভিলছ, ক’লকাতা নাইট ৰাইডাৰ্ছ আদি দলৰ ওচৰত যথেষ্ট স্পীন বলিং শক্তি মজুত আছে।