NORTHEAST NOW (Assamese)
অসম

‘অখিল গগৈৰ যদি বেমাৰেই নাছিল GMCH ত কিয় ভৰ্তি কৰোৱা হৈছিল? ’ হিমন্তক উভতি ধৰিলে KMSS- এ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 11, 2020 7:18 pm
AKHIL VS HIMANTA

কালি অখিল গগৈয়ে স্ব-ইচ্ছাৰে GMCH ত থাকিব বিচাৰিছে তথা অখিল গগৈৰ একোৱেই বেমাৰ নাই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছত আজি তেওঁক উভতি ধৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

গুৱাহাটীৰ গান্ধীবস্তিস্থিত KMSS ৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি ভাস্ক’ ডি শইকীয়াই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

তেওঁ সংবাদমেলত এইদৰে প্ৰশ্ন কৰে—‘অখিল গগৈৰ যদি একো বেমাৰেই নাছিল তেতিয়াহ’লে তেওঁক কিয় GMCH ত ভৰ্তি কৰোৱা হৈছিল?

অখিল গগৈৰ কৰ’ণা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলেও এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলি উল্লেখ কৰি শইকীয়াই কয় ‘তেওঁ আঠুৰ বিষ, মাংস পেশীৰ বিষ, শাৰীৰিক দুৰ্বলতা আৰু তীব্ৰ বুকুৰ বিষ আদিত আক্ৰান্ত হৈ আছে ।‘

ইপিনে, যোৱা ৮ ছেপ্টেম্বৰৰ দিনা তেওঁৰ আলট্ৰাছাউণ্ড কৰা হৈছিল তথা যোৱা ১০ ছেপ্টেম্বৰত এণ্ড’স্কপি কৰা হৈছিল বুলি সংবাদমেলত তথ্য পাতি দেখুৱাই শইকীয়াই দাবী কৰে।

তাৎপয্যপূৰ্ণভাৱে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি শইকীয়াই কয় ‘সকলোৱে জানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে অখিল গগৈক কাৰাগাৰত ভৰাই থোৱা হৈছে। অখিল গগৈৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰচেষ্টা চলাই আছে।‘

উক্ত সংবাদমেলৰ জৰিয়তেই মন্ত্ৰীগৰাকীক এনে নিকৃষ্ট কাম নকৰিবলৈ সকীয়াই দিয়ে।

‘অনথ্যা আপোনাৰ বিৰুদ্ধে আমিও মুখ খুলিবলৈ বাধ্য হ’ম‘ বুলি শইকীয়াই হুংকাৰ দি কয়।