• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদানী সম্পৰ্কত বিস্ফোৰণ হিণ্ডেনবাৰ্গৰ : কেলেংকাৰীত নাম সাঙুৰ খাইছে ছেবীৰ অধ্যক্ষ মাধৱী বুচ

কোকিল শইকীয়া by কোকিল শইকীয়া
August 11, 2024 1:34 pm
828
VIEWS
Share on FacebookShare on Twitter

ডেৰ বছৰ পূৰ্বে আমেৰিকাৰ শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্জে প্ৰকাশ কৰিছিল গৌতম আদানীৰ কোম্পানীৰ জালিয়াতি সম্পৰ্কত এখন বিশদ প্ৰতিবেদন। এই প্ৰতিবেদনে তোলপাৰ লগাইছিল সমগ্ৰ বিশ্বত। অস্থিৰ কৰি তুলিছিল ভাৰতৰ সংসদ।

এইবাৰ পুনৰ আন এক অভিযোগ উত্থাপন কৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্জে। প্ৰকাশিত প্ৰতিবেদনত ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক সংস্থা ছিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতা সম্পৰ্কে প্ৰশ্ন তুলিছে হিণ্ডেনবাৰ্গে।

শনিবাৰে পুৱা হিণ্ডেনবাৰ্গে সংকেত দিছিল যে ভাৰতৰ সম্পৰ্কে হিণ্ডেনবাৰ্গে ডাঙৰ প্ৰতিবেদন প্ৰকাশ কৰিব। ইয়াৰ পিছত কাৰণ হিণ্ডেনবাৰ্গ ৰিচাৰ্জে প্ৰকাশ কৰে এখন প্ৰতিবেদন।

হিণ্ডেনবাৰ্গৰ অভিযোগ অনুসৰি বৰ্তমানৰ চেবিৰ অধ্যক্ষ মাধৱী বুচ আৰু তেওঁৰ স্বামীৰ অংশীদাৰিত্ব আছে আদানীৰ অফশ্ব’ৰ কোম্পানীত। কৰৰ পৰা হাত সাৰিবলৈ বহিঃৰাষ্ট্ৰত বিভিন্ন কোম্পানী স্থাপন কৰিছে চক্ৰটোৱে।

হিণ্ডেনবাৰ্গে দাবী কৰিছে যে আদানিৰ এনে অফশ্ব’ৰ কোম্পানীত স্বাৰ্থ নিহিত আছে। যোৱা বছৰৰ জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে কেনেকৈ আদানীয়ে কৰ ফাঁকি দিবৰ বাবে বিদেশত ভুৱা কোম্পানী খুলি ধন সৰবৰাহ কৰিছিল।

হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ছেবিক। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰো এক নিৰ্দেশ আছিল।

শনিবাৰে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত তীব্ৰভাৱে প্ৰকাশ পাইছে যে ছেবিৰ অধ্যক্ষ মাধৱী কেৱল তদন্তৰ লগত জড়িত নহয়, আদানী গোটৰ সৈতেও তেওঁৰ গভীৰ সম্পৰ্ক আছে।

হিণ্ডেনবাৰ্গে আজি কয় যে তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশৰ ১৮ মাহ পাৰ হৈ গ’ল। তথাপিও আচৰিত ধৰণে আদানীৰ অসৎ আচৰণ আৰু মৰিচাছ আৰু বিদেশৰ অন্যান্য শ্বেল কোম্পানীত তেওঁলোকৰ লেনদেনৰ প্ৰতি কোনো তদন্ত হোৱা নাই।

হিণ্ডেনবাৰ্গে দাবী কৰে যে মাধৱী বুচ আৰু তেওঁৰ স্বামীয়ে মৰিচাছ আৰু বাৰ্মুডাৰ ভুৱা বিদেশী কোম্পানীত বিনিয়োগ কৰিছিল যাৰ সৈতে গৌতম আদানীৰ ভাতৃ বিনোদ আদানী প্ৰত্যক্ষভাৱে জড়িত আছিল। এই সকলোবোৰ বিনিয়োগ ২০১৫ চনত কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনত মাধৱী বুচক ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয়। পিছত মাধৱী ২০২২ চনত ছেবিৰ অধ্যক্ষ হয়।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে মাধৱী ছেবিৰ সদস্য হোৱাৰ ঠিক আগতেই তেওঁৰ স্বামীয়ে এই বিদেশী কোম্পানীবোৰত পত্নীৰ সকলো বিনিয়োগ নিজৰ নামত কৰিছিল। যাতে মাধৱীৰ কোনো ধৰণৰ তদন্তৰ আওতালৈ নাহে। হিণ্ডেনবাৰ্গৰ দাবী যে এই বিনিয়োগসমূহ বহুস্তৰীয় আৰু জটিলভাৱে কৰা হৈছিল।

কেৱ্ল এয়াই নহয়, ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টত মাধৱীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে হিণ্ডেনবাৰ্গে। কোম্পানীটোৱে ব্লেকষ্টোন নামৰ কোম্পানী এটাৰ সহায় লৈছিল, য’ত তেওঁৰ স্বামী পৰামৰ্শদাতা আছিল।

উল্লেখ্য যে এতিয়ালৈ আদানি গ্ৰুপ বা মাধৱী বুছে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd