নিট-ইউজি (NEET-UG) ২০২৬ প্ৰশ্নকাকত ফাদিলৰ গোচৰত দিল্লীৰ এখন ফাষ্ট-ট্ৰেক আদালতে ২১ নৱেম্বৰ, শনিবাৰে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰাৰ পাছত এতিয়া সকলো ১৪ জন অভিযুক্তই বিচাৰৰ সন্মুখীন হ’ব। বিশেষ ন্যায়াধীশ অজয় গুপ্তাৰ আদালতত অভিযুক্তসকলে নিজকে নিৰ্দোষী বুলি দাবী কৰি গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ ইচ্ছা প্ৰকাশ কৰে।অভিযোগকাৰী পক্ষৰ মতে, এই অভিযুক্তসকলৰ কথিত ষড়যন্ত্ৰৰ বাবেই যোৱা মে’ মাহত অনুষ্ঠিত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল।
ইয়াৰ পূৰ্বে যোৱা ১৮ নৱেম্বৰত ন্যায়াধীশ অজয় গুপ্তাই অভিযুক্তসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, অপৰাধমূলক বিশ্বাসভংগ, প্ৰমাণ নষ্ট কৰা তথা দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ৰাজহুৱা পৰীক্ষা (অনুচিত উপায় প্ৰতিৰোধ) আইন, ২০২৪-ৰ অধীনত অভিযোগ গঠনৰ নিৰ্দেশনা জাৰি কৰিছিল। কেটা আদেশতে তেওঁ এই আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ ২১ নৱেম্বৰ, শনিবাৰৰ দিনটো ধাৰ্য কৰি ন্যায়িক জিম্মাৰ পৰা প্ৰতিজন অভিযুক্তক আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিছিল।
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআই-এ দাখিল কৰা দুখন পৃথক অভিযোগপত্ৰত এই ১৪ জন অভিযুক্তৰ নাম অন্তৰ্ভুক্ত আছে। যোৱা ২৮ জুলাইত দাখিল কৰা প্ৰথমখন অভিযোগপত্ৰত ১৩ জন লোকৰ নাম উল্লেখ কৰা হৈছিল, যাৰ ভিতৰত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ এনটিএ-ৰ সৈতে জড়িত তিনিগৰাকী বিষয় বিশেষজ্ঞ, ক’চিং প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক থকা দুজন ব্যক্তি আৰু কেইবাজনো কথিত মধ্যস্থতাকাৰী আছিল। অভিযুক্ত বিষয় বিশেষজ্ঞ তিনিগৰাকী হৈছে জীৱবিজ্ঞানৰ মনীষা গুৰুনাথ মান্ধাৰে, ৰসায়ন বিজ্ঞানৰ প্ৰহ্লাদ বিঠলৰাও কুলকাৰ্ণী আৰু পদাৰ্থ বিজ্ঞানৰ মনীষা সঞ্জয় হাৱালদাৰ। ইয়াৰ পাছত যোৱা ১৪ অক্টোবৰত চিবিআই-এ মহাৰাষ্ট্ৰৰ এগৰাকী চাহ বিক্ৰেতা শেষৰাও বজৰং সূৰ্যবংশী ওৰফে ৰাজ সূৰ্যবংশীৰ বিৰুদ্ধে এখন অতিৰিক্ত অভিযোগপত্ৰ দাখিল কৰে। নিজৰ গোচৰটো প্ৰমাণ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ৩৬০ গৰাকী সাক্ষী, ৪২২খন নথি-পত্ৰ আৰু ৪৩টা বস্তুগত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিছে।
উল্লেখযোগ্য যে যোৱা ৩ মে’, ২০২৬ তাৰিখে প্ৰায় ২২ লাখ পৰীক্ষাৰ্থীয়ে নিট-ইউজি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতেই এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময় পাছতেই প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হোৱাত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই যোৱা ১২ মে’ত পৰীক্ষাটো বাতিল ঘোষণা কৰে। পাছত সংস্থাটোৱে যোৱা ২১ জুনত পুনৰ পৰীক্ষাটো অনুষ্ঠিত কৰিছিল।
ইফালে, নিট-ইউজি প্ৰশ্নকাকত ফাদিলৰ এই গোচৰত চিবিআই-এ এতিয়ালৈকে কোনো চৰকাৰী বিষয়া অথবা এনটিএ-ৰ কোনো বিষয়ববীয়াক অভিযুক্ত হিচাপে তালিকাভুক্ত কৰা নাই। তদন্তকাৰী সংস্থাটোৱে স্পষ্ট কৰিছে যে কথিত প্ৰশ্নকাকত ফাদিলৰ এই কাণ্ডত ষড়যন্ত্ৰৰ অংশ হিচাপে বিষয় বিশেষজ্ঞসকল আৰু ব্যক্তিগত পৰ্যায়ৰ লোকৰ এটা চক্ৰহে জড়িত আছিল। আদালতত অভিযোগ গঠনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া ১৪ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰটোৰ নিয়মীয়া বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িব।




