ছুইজাৰলেণ্ডৰ জেনেভাত অহা ২৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৬ বৰ্ষৰ ফিডে বিশ্ব দবা চেম্পিয়নশ্বিপত নিজৰ বিশ্ব খিতাপ ৰক্ষাৰ বাবে অৱতীৰ্ণ হ’ব ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডোম্মাৰাজু গুকেশ। উজবেকিস্তানৰ গ্ৰেণ্ডমাষ্টাৰ জাভোখিৰ চিন্দাৰোভৰ বিৰুদ্ধে হ’বলগীয়া এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ পূৰ্বে পূৰ্বৰ অতি গহীন আৰু সংযত স্বভাৱৰ পৰিৱৰ্তে এক সহজ তথা মানসিক চাপমুক্ত ৰূপত দেখা গৈছে ২০ বছৰীয়া বিশ্ব চেম্পিয়নগৰাকীক।
বিগত বহু বছৰ ধৰি দবা জগতত আটাইতকৈ গহীন কিশোৰ খেলুৱৈ হিচাপে পৰিচিত গুকেশক প্ৰতিযোগিতাৰ পূৰ্বে সকলো ধৰণৰ সামাজিক মাধ্যম আৰু বাহ্যিক বিঘিনিৰ পৰা আঁতৰি থাকি একাগ্ৰতাৰে প্ৰস্তুতি চলোৱা দেখা গৈছিল। কিন্তু বিশ্ব চেম্পিয়ন হিচাপে দুবছৰীয়া কাৰ্যকালৰ আটাইতকৈ কঠিন পৰীক্ষাটোৰ মাত্ৰ এমাহ পূৰ্বে যোৱা মাহত তেওঁ সতীৰ্থ আৰ প্ৰজ্ঞানন্দ, বৈশালী আৰ আৰু সংগীতজ্ঞ লিডিয়ান নাডাস্বৰমৰ সৈতে অভিনেতা ৰজনীকান্তৰ নতুন ছবি ‘জেইলাৰ ২’ উপভোগ কৰাৰ পৰিকল্পনা কৰিছিল। কেৱল ছবি চোৱাই নহয়, শেহতীয়াকৈ ইনষ্টাগ্ৰামতো তেওঁ ঘোঁৰা চলোৱা, স্কেটিং কৰা, নীম কৰোলি বাবাৰ আশ্ৰম ভ্ৰমণ কৰা, প্ৰজ্ঞানন্দৰ সৈতে ধেমালি কৰা আৰু সামাজিক মাধ্যমৰ সমালোচকক হাস্যৰসেৰে উত্তৰ দিয়াৰ দৃশ্য শ্বেয়াৰ কৰিছে।
গুকেশৰ গুৰু তথা আন এগৰাকী ভাৰতীয় বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দে জনাইছে যে বিগত পাঁচ-ছয় বছৰ ধৰি তেওঁ গুকেশক বিষয়বোৰ সহজভাৱে ল’বলৈ পৰামৰ্শ দি আহিছে। আনন্দে কয় যে ১৮ বা ২০ বছৰ বয়সত তেওঁ নিজেও গুকেশৰ দৰে দুশ্চিন্তা কৰিছিল, কিন্তু চিন্তা কৰিলে প্ৰদৰ্শন উন্নত নহয় বুলি উপলব্ধি কৰি তেওঁ গুকেশক নিজৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰিছে। কেতিয়াবা মানসিক চাপ এৰি জিৰণি লোৱা বা অলপ বেছি সময় বিছনাত শুই থকাটোও উপকাৰী বুলি উল্লেখ কৰি আনন্দে গুকেশৰ এই পৰিৱৰ্তনত সন্তুষ্টি প্ৰকাশ কৰে। গুকেশৰ সৈতে তেওঁৰ অন্তিম দুটা বাৰ্তালাপ ‘জেইলাৰ ২’ ছবিখনৰ বিষয়েই আছিল বুলি জানিবলৈ দি আনন্দে ২০ বছৰ বয়সত ভৰি দিয়াটোৱেও গুকেশৰ এই সহজ মনোভাব গঢ়াত ভূমিকা লোৱা বুলি অনুমান কৰে।
ইফালে, চেছ ডট কম আৰু চেছবেছ ইণ্ডিয়াৰ উদ্যোগত বিশ্বনাথন আনন্দৰ সৈতে আয়োজিত এক শেহতীয়া নৈশভোজত গুকেশে সামাজিক মাধ্যমৰ সমালোচনা মোকাবিলা কৰাৰ নতুন কৌশল সম্পৰ্কে সদৰী কৰে। তেওঁ কয় যে দীৰ্ঘদিন ধৰি তেওঁ অনলাইন সমালোচনা এৰাই চলিবলৈ চেষ্টা কৰিছিল যদিও অবচেতন মনত সেইবোৰ ৰৈ গৈছিল। শেহতীয়াকৈ এজন ঘনিষ্ঠ বন্ধুৱে সমালোচনা আৰু বিদ্বেষ উপেক্ষা কৰাৰ পৰিৱৰ্তে হাস্যৰসেৰে তাৰ প্ৰত্যুত্তৰ দিবলৈ পৰামৰ্শ দিয়াৰ পাছতেই তেওঁ এই পথ বাছি লয়। সমৰখন্দত অনুষ্ঠিত দবা অলিম্পিয়াডত গুকেশৰ এই নতুন ৰূপ প্ৰথমবাৰৰ বাবে স্পষ্টভাৱে ধৰা পৰে, য’ত চিন্দাৰোভৰ নেতৃত্বত উজবেকিস্তানে স্বৰ্ণ আৰু গুকেশৰ ভাৰতীয় দলে ৰূপৰ পদক অৰ্জন কৰিছিল। সতীৰ্থসকলৰ মতে, দলীয় বৈঠকত ধেমালি কৰাৰ উপৰি উজবেকিস্তানৰ হাতত পৰাস্ত হোৱা দিনটোতো গুকেশে মধ্য-প্ৰতিযোগিতাৰ বাৰ্মুডা পাৰ্টীত অংশগ্ৰহণ কৰিছিল।
প্ৰতিযোগিতাখনৰ প্ৰতিদ্বন্দ্বিতাৰ দিশটোৰ পৰা চাবলৈ গ’লে বিগত বছৰটোত উজবেকিস্তানৰ তাছখন্দৰ বাসিন্দা জাভোখিৰ চিন্দাৰোভে অসাধাৰণ প্ৰদৰ্শন কৰিছে। ১২ বছৰ বয়সতে গ্ৰেণ্ডমাষ্টাৰ হোৱা চিন্দাৰোভে ২০২৫ চনত আটাইতকৈ কম বয়সীয়া চেম্পিয়ন হিচাপে ফিডে বিশ্বকাপ জয় কৰাৰ লগতে ২০২৬ চনৰ কেণ্ডিডেটছ প্ৰতিযোগিতাত ১৪ পইণ্টৰ ভিতৰত ১০ পইণ্ট সংগ্ৰহ কৰি অপৰাজিত হৈ আধুনিক ইতিহাসৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে খিতাপ যুঁজৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰ বিপৰীতে ২০২৪ চনৰ ডিচেম্বৰত ছিংগাপুৰত ডিন লিৰেনক পৰাস্ত কৰি ১৮ বছৰ বয়সতে ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হোৱাৰ পাছত চেন্নাইৰ গুকেশে এতিয়ালৈকে কোনো প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। চলিত বৰ্ষৰ আৰম্ভণিতে গুকেশে স্বীকাৰ কৰিছিল যে খিতাপ জয় কৰাতকৈ সেয়া ৰক্ষা কৰাটো অধিক কঠিন, কাৰণ ইয়াত বহু প্ৰত্যাশা আৰু খিতাপ হেৰুওৱাৰ চাপ জড়িত হৈ থাকে। অৱশ্যে অলিম্পিয়াডৰ প্ৰদৰ্শনে তেওঁৰ ছন্দ ঘূৰি অহাৰ ইতিবাচক ইংগিত বহন কৰিছে।
জেনেভাত অনুষ্ঠিত হ’বলগীয়া ১৪খন ক্লাছিকেল খেলৰ এই বিশ্ব দবা চেম্পিয়নশ্বিপৰ মুঠ পুৰস্কাৰৰ ধন ২.৫ নিযুত আমেৰিকান ডলাৰ ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাখনৰ সময়ত গুকেশ আৰু চিন্দাৰোভ উভয়ে ২০ বছৰীয়া হোৱাৰ বাবে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ইতিহাসত এয়া সৰ্বকনিষ্ঠ প্ৰতিদ্বন্দ্বীৰ মাজত অনুষ্ঠিত হ’বলগীয়া খিতাপৰ যুঁজ হিচাপে চিহ্নিত হ’ব। সূচী অনুসৰি ২০ নৱেম্বৰত খেলুৱৈসকলৰ আগমন আৰু ২১ নৱেম্বৰৰ কাৰিকৰী বৈঠকৰ পাছত ২২ নৱেম্বৰত উদ্বোধনী অনুষ্ঠান আৰু ২২-২৩ নৱেম্বৰত সংবাদ মাধ্যমৰ কাৰ্যসূচী সম্পন্ন হ’ব। অহা ২৪ নৱেম্বৰত ভাৰতীয় সময় অনুসৰি নিশা ৭.৩০ বজাত প্ৰথমখন খেল আৰম্ভ হোৱাৰ পাছত ১২ ডিচেম্বৰলৈকে এই খিতাপৰ যুঁজ অব্যাহত থাকিব।




