মণিপুৰত ভেজাল চুলাই মদ সেৱনৰ ফলত হোৱা মৃত্যুয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ চাণ্ডেল জিলাত ভেজাল সুৰা খোৱাৰ ফলত কমেও ১৬ জন লোকৰ মৃত্যু হৈছে।
অসুস্থ ৩৭০জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইটোৰ পিছত সিটো মৃত্যুৰ ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোত উদ্বেগ বিয়পি পৰিছে। প্ৰশাসনিক সূত্ৰৰ মতে, যোৱা তিনিদিনত ৰাজ্যজুৰি ইটোৰ পিছত সিটো মৃত্যুৰ খবৰ পোৱা গৈছে।
প্ৰথম অৱস্থাত চাণ্ডেল জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতিত আঠজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হয়। আৰক্ষীৰ বিবৃতি অনুসৰি বহু লোকে ভেজাল সুৰা সেৱন কৰি চিকিৎসালয়লৈ যোৱাৰ সুযোগেই নাপালে, ঘৰতে মৃত্যু হয়।
চিকিৎসালয়লৈ যোৱাৰ পথত কিছুসংখ্যকৰ মৃত্যু হয়। চাণ্ডেল জিলা আৰক্ষীয়ে জনোৱা মতে, কাকচিং জিলাৰ সুগনুৰ পৰা সংগ্ৰহ কৰা সুৰা সেৱন কৰাৰ পিছত এই ঘটনা সংঘটিত হয়।
তাতো ৫জন লোকৰ মৃত্যু হৈছে। ইতিমধ্যে চাণ্ডেলৰ জিলা দণ্ডাধীশে সতৰ্কবাণী জাৰি কৰিছে। অৱগত কৰা হৈছে যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে স্থানীয় অঞ্চলত প্ৰস্তুত কৰা সুৰা সেৱন নকৰিবলৈ পৰামৰ্শ দিছে।
যদি কাৰোবাৰ বমি, পেটৰ বিষ, মূৰৰ বিষ, মূৰ ঘূৰোৱা, দৃষ্টিশক্তি ম্লান হোৱা বা উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলে এই সুৰা সেৱন কৰিছে তেওঁলোকক চিকিৎসকৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
যদি কোনো ঠাইত ভেজাল সুৰা প্ৰস্তুত, মজুত, বিক্ৰী বা যোগানৰ কোনো তথ্য আছে তেন্তে ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈও অনুৰোধ জনোৱা হৈছে। ঘটনাৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিং ইম্ফল ৱেষ্টৰ শিজা হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট আৰু ইম্ফল ইষ্টৰ বাবিনা চিকিৎসালয়লৈ যায়।
তেওঁ তাত থকা ৰোগীসকলৰ শাৰীৰিক অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে। চিকিৎসাধীন লোকসকলক ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে।
ঘটনাটোক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি খেমচান্দে অভিযুক্তক চিনাক্ত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰয়োজনীয় ঔষধৰ লগতে বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা দল গঠন কৰি পৰিস্থিতি চম্ভালিবলৈ চাণ্ডেল জিলালৈ প্ৰেৰণ কৰা হৈছে।





