• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

২০২৮ চনত ৰাজস্থানৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰ পূৰ্বে বিজেপিয়ে গাঁৱে-ভূঞে দলটোৰ দুৰ্বল অৱস্থাক লৈ চিন্তিত হৈ পৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 21, 2026 8:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ছেপ্টেম্বৰ মাহত ৰাজস্থানত পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। অৱশ্যে গাঁৱত মুখথেকেচা খাই মুখত পৰিল বিজেপি। দুমাহৰ ভিতৰতে ৰাজস্থান পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে বিপুল জয় লাভ কৰে।

কেৱল সেয়াই নহয়, বিজেপিৰ মুখ্যমন্ত্রী ভজনলাল শর্মাৰ লগতে প্ৰভাৱশালী মন্ত্রীসকলৰ শক্তিশালী দুর্গত পৰাজিত হৈছে গেৰুৱা শিৱিৰ৷ শেহতীয়া খবৰ অনুসৰি ৰাজ্যৰ ৪১৯খন পঞ্চায়ত সমিতিৰ ভিতৰত কংগ্ৰেছে ২৬৯খন আসন লাভ কৰিছে। বিজেপিয়ে লাভ কৰিলে মাত্ৰ ৭৩ খন। নিৰ্দলীয় আৰু আনসকলে লাভ কৰিলে ৬০খন।

প্ৰতিবেদনত কোৱা হৈছে যে জিলা পৰিষদ আৰু পঞ্চায়ত সমিতি দুয়োটা নিৰ্বাচনতে হাত শিবিৰ বহু আগবাঢ়ি আছে, আসনৰ সংখ্যাৰ ক্ষেত্ৰত বিজেপি পিছ পৰি ৰৈছে। শেহতীয়া খবৰ অনুসৰি ৰাজ্যৰ ৩৭খন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে ২৫খন আসন লাভ কৰে। বিজেপিয়ে মাত্ৰ ৮ খনতহে জয়লাভ কৰে। মাত্ৰ ৩ টা জিলা পৰিষদ নিৰ্দলীয় আৰু অন্যান্য দলে দখল কৰিছে। এটা জিলা পৰিষদৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই।

Apply Now

যোৱাবাৰ ৰাজস্থানৰ ২৯খন জিলা পৰিষদত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত বিজেপিয়ে ১৬খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে ১০খন আসন লাভ কৰিছিল। বাকী ৩টাত নিৰ্দলীয় আৰু অন্যান্যই জয়লাভ কৰে। ৰাজস্থানত ৩৭খন জিলা পৰিষদৰ ৪৭৫খন আসনৰ লগতে ৪১৯খন পঞ্চায়ত সমিতিৰ ৭৫৪৩টা ৱাৰ্ডৰ ফলাফল ঘোষণা কৰা হৈছে। বাকী ফলাফল ডিচেম্বৰ মাহত ঘোষণা কৰা হ’ব।

তদুপৰি জিলাভিত্তিক প্ৰতিবেদনত দেখা গৈছে যে জয়পুৰ জিলাৰ ২২খন পঞ্চায়ত সমিতিৰ ভিতৰত ১৪খনত কংগ্ৰেছে জয়লাভ কৰিছে। চাউমুন আৰু ছাম্বৰ লেকত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে সাংগানেৰত আৰএলপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে। মুখ্যমন্ত্ৰী ভজনলালৰ জিলা ভৰতপুৰতো বিজেপি পৰাজিত হয়। ৱাৰ্ডৰ ক্ষেত্ৰতো আগবাঢ়ি আছে কংগ্ৰেছ। পঞ্চায়ত সমিতি ৱাৰ্ডত কংগ্ৰেছে ২৯৯০, বিজেপি ১৭৯৫, জিলা পৰিষদ ৱাৰ্ডত কংগ্ৰেছে ১৪৩ খন আৰু বিজেপিয়ে মাত্ৰ ৮৩ খন আসন লাভ কৰে।

উল্লেখ্য যে ২০২৮ চনত ৰাজস্থানৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰ পূৰ্বে বিজেপিয়ে গাঁৱে-ভূঞে দলটোৰ দুৰ্বল অৱস্থাক লৈ চিন্তিত হৈ পৰিছে। পৌৰসভা নিৰ্বাচনৰ পিছত বিজেপিয়ে দাবী কৰিছিল যে ‘উপনিৰ্বাচনত জয়লাভৰ অৰ্থ হ’ল জনসাধাৰণ চৰকাৰৰ লগত আছে’। অৱশ্যে সেই দাবী পঞ্চায়ত নিৰ্বাচনত উফৰি গ’ল।

ইফালে ৰাজস্থানত কংগ্ৰেছৰ ভিতৰত দলীয় সংঘাতৰ মাজতো এই ফলাফলে দলীয় শিবিৰক পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। এই বিজয়ৰ পিছত কংগ্ৰেছ নেতা অশোক গেহলটে কয়, “এয়া গাঁৱৰ ৰাইজৰ ৰায়। কৃষক, যুৱক, মহিলাই বিজেপিৰ বিৰুদ্ধে ভোট দিছে।”

অৱশ্যে বিজেপিয়ে কয় যে পঞ্চায়ত নিৰ্বাচন স্থানীয় বিষয়ত অনুষ্ঠিত হয় আৰু ইয়াৰ ফলত বিধানসভা নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

November 21, 2026 8:05 am
“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

November 20, 2026 9:25 pm
ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

November 20, 2026 8:46 pm
পশ্চিম এছিয়াৰ উত্তেজনাৰ বোজা!  ৮৭.৫% বাঢ়িল ভাৰতৰ খাৰুৱা তেলৰ আমদানি ব্যয়

পশ্চিম এছিয়াৰ উত্তেজনাৰ বোজা!  ৮৭.৫% বাঢ়িল ভাৰতৰ খাৰুৱা তেলৰ আমদানি ব্যয়

November 20, 2026 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

November 21, 2026 8:05 am
“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

November 20, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd