অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাক বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ সৈতে সংযুক্ত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি কলা-কৃষ্টি কেন্দ্ৰ (নামঘৰ) আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে কেন্দ্ৰটো উদ্বোধন কৰে।
উদ্বোধনী ভাষণত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই অসমৰ সমাজজীৱন, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাত নামঘৰৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে, “নামঘৰ কেৱল ধৰ্মীয় উপাসনাৰ স্থানেই নহয়, বৰঞ্চ ই অসমৰ সামাজিক সংহতি, সাংস্কৃতিক পৰিচয় আৰু মানৱীয় মূল্যবোধৰ অন্যতম আধাৰ। বিশ্ববিদ্যালয়ৰ চৌহদত কলা-কৃষ্টি কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱাৰ লগতে সেইসমূহৰ সংৰক্ষণ আৰু চৰ্চাৰ ক্ষেত্ৰতো উৎসাহিত কৰিব।”
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° উৎপল শৰ্মাই বক্তব্য আগবঢ়াই অনুষ্ঠানটোৰ তাৎপৰ্য দাঙি ধৰে। অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হিচাপে নামঘৰৰ পূৰ্বৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱা হয়।
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে গায়ন-বায়নৰ পৰিৱেশনে অনুষ্ঠানস্থলীত এক আধ্যাত্মিক আৰু ভক্তিমূলক পৰিৱেশৰ সৃষ্টি কৰে। বৰগীত পৰিৱেশনে অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সত্ৰীয়া নৃত্যই অনুষ্ঠানটোক অধিক সমৃদ্ধ কৰে। লগতে ৰাস মহোৎসৱৰ নাট-মেলা অনুষ্ঠান তথা মহাৰাসৰ আখৰা প্ৰদৰ্শন কৰা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত কলা-কৃষ্টি কেন্দ্ৰ (নামঘৰ)ৰ উদ্বোধন বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু সাংস্কৃতিক পৰিৱেশত এক নতুন সংযোজন। এই কেন্দ্ৰই ভৱিষ্যতে অসমৰ পৰম্পৰাগত কলা-কৃষ্টি, আধ্যাত্মিক চৰ্চা আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।





