অসমসহ ভাৰতৰ সাতখন ৰাজ্যত কৰ্মৰত ১০,০০০ অস্থায়ী বন আৰু বন্যপ্ৰাণী সুৰক্ষা কৰ্মীৰ বাবে এক পাঁচবছৰীয়া ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনি ঘোষণা কৰিছে প্ৰিন্স উইলিয়ামে। কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা গুৰুতৰভাৱে আহত হ’লে সংশ্লিষ্ট বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হৈছে। ২০২৬ চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’বলগীয়া এই বীমা আঁচনিখনে অসমৰ লগতে মধ্যপ্ৰদেশ, কৰ্ণাটক, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, কেৰালা আৰু ৰাজস্থানত কৰ্মৰত বনকৰ্মীসকলক সামৰি ল’ব। প্ৰিন্স উইলিয়ামৰ শেহতীয়া ভাৰত ভ্ৰমণৰ পাছতেই ইউনাইটেড ফৰ ৱাইল্ডলাইফৰ বৃহত্তৰ সংৰক্ষণ পদক্ষেপৰ অংশ হিচাপে এই ঘোষণা কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, স্থায়ী চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰা বীমা, পেঞ্চন আৰু অন্যান্য চাকৰিজনিত সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা অগ্ৰণী অস্থায়ী তথা ঠিকাভিত্তিক বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়োৱাই এই কাৰ্যসূচীৰ মূল লক্ষ্য। এই সন্দৰ্ভত প্ৰিন্স উইলিয়ামে মন্তব্য কৰে যে দিন-ৰাতি একাকাৰ কৰি ভাৰতৰ বন্যপ্ৰাণী ৰেঞ্জাৰসকলে এই অমূল্য বন্যপ্ৰাণীসমূহ সুৰক্ষিত কৰাৰ বাবে আগশাৰীত থাকি কাম কৰি আহিছে। বনাঞ্চলত তহল দিয়া, বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণ, চোৰাং চিকাৰ প্ৰতিৰোধ, বনজুই নিৰ্বাপণ আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাত নিয়ন্ত্ৰণৰ দৰে দায়িত্ব পালন কৰোঁতে এই কৰ্মীসকলে দুৰ্গম অঞ্চলত বন্যজন্তুৰ আক্ৰমণ, দুৰ্ঘটনা তথা চোৰাং চিকাৰী আৰু অবৈধ কাঠ সৰবৰাহকাৰীৰ সৈতে সংঘৰ্ষৰ আশংকাৰ মাজত কাম কৰিবলগীয়া হয়।
দ্য ৰয়েল ফাউণ্ডেশ্যন অৱ দ্য প্ৰিন্স এণ্ড প্ৰিন্সেছ অৱ ৱেলছৰ এক পদক্ষেপ ইউনাইটেড ফৰ ৱাইল্ডলাইফে এই আঁচনিখন প্ৰস্তুত কৰিছে। প্ৰতিবেদন অনুসৰি, কে এম দস্তুৰ এণ্ড কোম্পানীয়ে এই বীমা পেকেজটোৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বিপৰীতে ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াই ইয়াৰ ৰূপায়ণত সহায় আগবঢ়াব। তদুপৰি ভেলুআৰ্থ কনজাৰ্ভেশ্যন আৰু ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সকো এই আঁচনিৰ অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইউনাইটেড ফৰ ৱাইল্ডলাইফৰ কাৰ্যবাহী সঞ্চালক ড° টম ক্লেমেণ্টছে কয় যে আগশাৰীত থাকি কাম কৰা লোকসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত নকৰাকৈ বন্যপ্ৰাণী তথা প্ৰাকৃতিক আৱাসস্থলী সুৰক্ষিত কৰাটো সম্ভৱ নহয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰিঅ’ ডি জেনেইৰ’ আৰু কেপ টাউনতো ইউনাইটেড ফৰ ৱাইল্ডলাইফে এনেধৰণৰ বনকৰ্মী কল্যাণমূলক কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছিল।
বাঘ, হাতী আৰু এশিঙীয়া গঁড়ৰ দৰে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ সংৰক্ষণ প্ৰচেষ্টা বহু পৰিমাণে এই অগ্ৰণী বনকৰ্মীসকলৰ ওপৰত নিৰ্ভৰশীল। আঁচনিখনত অন্তৰ্ভুক্ত ৰাজ্যসমূহত কেইবাটাও গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আৱাসস্থলী আৰু সংৰক্ষিত এলেকা আছে। উদাহৰণস্বৰূপে অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ এশিঙীয়া গঁড়ৰ বাবে পৰিচিত হোৱাৰ বিপৰীতে মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু কেৰালাত বাঘ আৰু হাতীৰ গুৰুত্বপূৰ্ণ আৱাসস্থলী আছে। শস্য আৰু ঘৰ-বাৰী নষ্ট কৰা হাতী খেদা তথা জনবসতি এলেকাৰ কাষত ওলোৱা বাঘ আৰু নাহৰফুটুকীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দৰে জৰুৰীকালীন কামতো এই কৰ্মীসকলে নিশাৰ ভাগত দুৰ্গম অঞ্চলত দায়িত্ব পালন কৰিবলগীয়া হয়। বিভিন্ন সংৰক্ষণ সংগঠনে বনকৰ্মীসকলৰ বাবে উন্নত কৰ্মপৰিৱেশ, ন্যায্য পাৰিতোষিক, পৰ্যাপ্ত সঁজুলি আৰু সামাজিক সুৰক্ষাৰ দাবী উত্থাপন কৰি অহাৰ মাজতে এই প্ৰস্তাৱিত বীমা আঁচনি ঘোষণা কৰা হৈছে।
অৱশ্যে কৰ্তব্যৰত অৱস্থাত মৃত্যু বা গুৰুতৰ আঘাতৰ ক্ষেত্ৰত বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্য লোৱা এই আঁচনিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। ইয়াৰ ভিতৰত বীমাৰ ক্ষতিপূৰণৰ পৰিমাণ, বীমা কোম্পানীটোৰ পৰিচয়, নামভৰ্তিৰ প্ৰক্ৰিয়া, আঁচনিখনৰ মুঠ ব্যয় আৰু প্ৰিমিয়াম পৰিশোধৰ ব্যৱস্থা আদি তথ্যসমূহ এতিয়াও প্ৰকাশ পোৱা নাই।
অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’বলগীয়া এই নতুন কাৰ্যসূচীৰ সফলতা যোগ্য বনকৰ্মীসকলৰ নামভৰ্তি কিমান ক্ষিপ্ৰতাৰে সম্পন্ন হয় আৰু বীমাৰ দাবীসমূহ কিমান দক্ষতাৰে নিষ্পত্তি কৰা হয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব। এই পদক্ষেপে ঠিকাভিত্তিক নিযুক্তি আৰু মজুৰি সম্পৰ্কীয় বৃহত্তৰ সমস্যাসমূহৰ সমাধান নকৰিলেও বন্যপ্ৰাণী সুৰক্ষাৰ আগশাৰীত নিয়োজিত হাজাৰ হাজাৰ বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক এক অতিৰিক্ত আৰ্থিক সুৰক্ষা কৱচ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।




