NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

May 22, 2022 7:10 pm · এন ই নাও নিউজ, টিয়ক

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাঞ্চৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ এটি কণমানি ।

টীয়ক নগৰৰ মাজমজিয়াৰ এগৰাকী ৮ বছৰীয়া কণমানি চাহিন আহমেদ ৰাষ্ট্ৰীয় টেলিভিছন চেনেল কালাৰ্চ (Colours) ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডাঞ্চ দিৱানে জুনিয়ৰছত (Dance Deewane juniors) অংশগ্ৰহণ কৰি ইতিমধ্যে শীৰ্ষ ১৫ টা স্থানত অন্তৰ্ভূক্ত হ’বলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা টীয়কৰ নাম যাতে কণমানি চাহিনে জিলিকাই তুলিব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছে চাহিনৰ পৰিয়ালে।

ইতিমধ্যে চাহিনৰ মাতৃ পাপৰি আহমেদে মায়ানগৰী মুম্বাইত চাহিনৰ আখৰাত সংগ দি আছে আৰু চাহিনে সুদূৰ মুম্বাইৰ পৰা সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছে।

চাহিনৰ পিতৃ প্ৰিঞ্চ আহমেদেও কণমানিজনীৰ সফলতা কামনা কৰি অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে।

Related News