NORTHEAST NOW (Assamese)
অসম

বোকাখাত বিধানসভা সমষ্টিত ৮০.৯২ শতাংশ ভোটদান; ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 28, 2021 1:46 pm
Bokakhat

ৰাজ্যৰ ৪৭ টা বিধানসভা সমষ্টিৰ লগতে শনিবাৰে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপুৰ্ণ ভাৱে সমাপ্ত হয় ৷

সমষ্টিটোত মুঠ ২১৬ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৬ টা জটিল ভোটগ্ৰহণ কেন্দ্ৰ আছিল যদিও কোনো কেন্দ্ৰতেই তেনে কোনো জটিলতা বা নিৰ্বাচনী হিংসা হোৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷

৯৩ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ ৮০.৯২ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

বোকাখাত বিধানসভা সমষ্টিত মুঠ ১,৪৭,৪৮৭ গৰাকী ভোটাৰ আছিল আৰু ইয়াৰে ৭৩,৭৯৮ গৰাকী পুৰুষ ভোটাৰ আৰু ৭৩,৬৮৬ গৰাকী মহিলা ভোটাৰ হোৱাৰ লগতে ৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল।

ইয়াৰে মুঠ  ১,১৯,৩৪২ জন ভোটাৰেহে শনিবাৰৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ইয়াৰ ভিতৰত ৫৮,৭০৩ গৰাকী মহিলা ভোটৰ হোৱাৰ বিপৰীতে পুৰুষ ভোটাৰ আছিল ৬০,৬৩৯ গৰাকী।

বোকাখাত সমষ্টিৰ ১৮৪ নং গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত সর্বাধিক ৯৯.৭০ শতাংশ আৰু ১১৪ নং দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয়  ভোটগ্ৰহণ কেন্দ্রত সর্বনিম্ন ৬২.২৯ শতাংশ ভোটদান হয় ।

সমষ্টিটোৰ ৮০ বছৰ উৰ্ধৰ ৭৮১ গৰাকী আৰু ১২৫ গৰাকী বিশেষভাবে সক্ষম ভোটাৰে ডাক বেলটযোগে ভোটদান কৰে ।