NORTHEAST NOW (Assamese)
অসম

অসমত ৮১ শতাংশ হ্ৰাস পাইছে বাল্যবিবাহৰ ঘটনা : কৈছে প্ৰতিবেদনে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 18, 2024 8:49 pm

বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা পদক্ষেপে লক্ষণীয় ফল দিছে বুলি দাবী কৰিছে ইণ্ডিয়া চাইল্ড প্ৰটেকচন (আই চি পি)ৰ টুৱেৰ্ডছ জাষ্টিচ: এণ্ডিং চাইল্ড মেৰেজ শীৰ্ষক প্ৰতিবেদনে।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২১-২২ৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত অসমৰ ২০খন জিলাত বাল্যবিবাহৰ গোচৰ ৮১ শতাংশ হ্ৰাস পাইছে।

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰো (এনচিআৰবি)ৰ তথ্য আৰু অসমৰ ১১৩২ খন গাঁৱত কৰা জৰীপৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়া চাইল্ড প্ৰটেকচন, চমুকৈ আইচিপিয়ে।

লক্ষণীয়ভাৱে অসমৰ যোৰহাট আৰু নগাঁও জিলাত বাল্যবিবাহ সম্পূর্ণৰূপে নিঃশেষ হৈছে বুলি প্রতিবেদনত প্ৰকাশ পাইছে।

তথ্য অনুসৰি সমীক্ষাত অংশগ্ৰহণ কৰা গাঁওসমূহৰ ৩০ শতাংশই বাল্যবিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিছে আৰু বাকী ৪০ শতাংশ গাঁৱত ইয়াৰ সংখ্যা হ্ৰাস পাইছে।

৯০ শতাংশতকৈ অধিক লোকে এই সফলতাৰ কাৰণ গ্ৰেপ্তাৰ আৰু এফআইআৰ দাখিলকে ধৰি অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা বুলি কয়।

তদুপৰি অসমৰ প্ৰায় ৯৮ শতাংশ লোকে বিশ্বাস কৰে যে এই প্ৰথাৰ অন্ত পেলাবলৈ গোচৰ চলোৱাটো অতি গুৰুত্বপূৰ্ণ।