NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ : কেন্দ্ৰৰ নীতিক লৈ পুনৰ সৰৱ মমতা বেনাৰ্জী, উত্থাপন কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 5:15 pm

দেশখন বিশৃংখল অৱস্থাত আছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুক্ৰবাৰে এইদৰে কয়।

মমতাই অভিযোগ কৰে যে কেন্দ্ৰ চৰকাৰে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাসমূহ চূড়ান্তভাৱে ভুল, যাৰ বাবে দেশখন বিশৃংখল হৈ পৰিছে।

“কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কৈছিল যে ক’ভিড শেষ হৈছে আৰু তাৰপাছত কোনো সাৱধানতা অৱলম্বন নকৰিলে।”- মমতাই কয়।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সম্পৰ্কে বিজেপিক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয় যে বংগ দখলৰ বাজী লগাই তেওঁলোকে সমগ্ৰ দেশখনক বিশৃংখল পৰিস্থিতিলৈ ঠেলি পঠাইছে।

আনহাতে, ক’ভিড-১৯ ভেকচিন সম্পৰ্কে তেওঁ নিজৰ পূৰ্বৰ স্থিতিত অটল থাকে।

“আমি ক’ভিড ভেকচিনৰ এটা নিৰ্দিষ্ট মূল্য বিচাৰিছো।”- তে্ওঁ কয়।

দেশজুৰি ক’ভিড ভেকচিনৰ মূল্য একে হোৱাৰ দাবী উত্থাপন কৰি তেওঁ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি (PM CARES fund) সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে।

“কেন্দ্ৰই কিয় প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিক সকলোৰে বাবে বিনামূলীয়া ভেকচিন যোগান ধৰিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে?”- তেওঁ প্ৰশ্ন কৰে।

“দেশখনত অক্সিজেন আৰু প্ৰয়োজনীয় ঔষধৰ অভাৱ। যিসময়ত ভাৰতত ঔষধৰ অভাৱ ঘটিছে, কেন্দ্ৰই কিয় সেইসমূহ অন্য দেশলৈ ৰাপ্তানী কৰি আছে?”- তেওঁ প্ৰশ্ন কৰে।

তদুপৰি পশ্চিমবংগক যোগান ধৰিবলগা অক্সিজেনসমূহ উত্তৰ প্ৰদেশলৈ লৈ যোৱা বুলিও তেওঁ অভিযোগ কৰে।