NORTHEAST NOW (Assamese)
অসম

পুনৰ ৮৫ গৰাকী বি এছ এফ জোৱানৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি; বৰ্তমানলৈ ১৫৪ গৰাকী বি এছ এফ জোৱান ক’ৰ’না আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 8:40 pm
BSF Jowan

জৰুৰীকালীন সেৱাত নিয়োজিত ৮৫ গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৮৫ গৰাকী বি এছ এফ জোৱানকে ধৰি বৰ্তমানলৈ মুঠ ১৫৪ গৰাকী বি এছ এফৰ জোৱান ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত বি এছ এফৰ জোৱান সকলৰ অধিকাংশ দিল্লীত বিভিন্ন জৰুৰীকালীন সেৱাত জড়িত হৈ আছিল।

বি এছ এফৰ তৰফৰ পৰাও জোৱান সকল ক’ৰ’নাত আক্ৰান্ত হোৱা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।

ত্ৰিপুৰাতো ৫ মে’ত ১১ গৰাকীকৈ বি এছ এফৰ জোৱান ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ত্ৰিপুৰাত বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ পুনৰ ১১ জন জোৱানৰ শৰীৰত ক’ভিড-১৯-ৰ উপস্থিতি ধৰা পৰিছিল।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান সকল ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাই গৃহ মন্ত্ৰ্যলয়ক চিন্তিত কৰি তুলিছে।