NORTHEAST NOW (Assamese)

পঞ্জাৱৰ বিষাক্ত চুলাই কাণ্ড: মৃতকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি,২৫ জনক গ্ৰেপ্তাৰ

August 2, 2020 10:48 am · এন ই নাও নিউজ

ক’ৰ’ণাতংকৰ মাজতে পঞ্জাৱত বিষাক্ত চুলাই মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে তৰ্ন তৰণ জিলাত ৬৩ জন, অমৃতচৰত ১২ জন আৰু বাটালা জিলাত ৮ জন,গুৰুদাসপুৰত ১১ জন লোকৰ মৃত্যু ঘটিছে বিষাক্ত চুলাই মদ পান কৰি।

উল্লেখ্য যোৱা ২৯ জুলাইৰ নিশা প্ৰথমে অমৃতচৰ জিলাৰ দুখন গাঁৱত বিষাক্ত চুলাই পান কৰি ৫ জন লোকৰ মৃত্যু ঘটিছিল যদিও মৃতকৰ সংখ্যা বৃদ্ধি পাই আজি ৬৮ জন হয়গৈ।

বিষাক্ত চুলাই পান কৰা বহু কেইজন লোকে তেতিয়াও মৃত্যুৰ সৈতে যুঁজি থকাৰ খবৰ আহিছে।

কালিলৈকে বিষাক্ত চুলাই পান কৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পাইছিল।

ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ২৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰোপৰি কৰ্তব্যত হেমাহি কৰাৰ অভিযোগত আবকাৰী বিভাগৰ ৭ জন আৰু আৰক্ষীৰ ৬ জন লোকক চৰকাৰে নিলম্বিত কৰিছে।

ঘটনাৰ সন্দৰ্ভত কালিয়েই আৰক্ষীয়ে অমৃতচৰ জিলাৰ মুছাল গাঁৱৰ পৰা বলবিন্দৰ কৌৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিষাক্ত চুলাই উৎপাদনৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে।তেওঁ চুলাই কাণ্ডত নিহত সকলৰ পৰিয়ালক ২ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি আজি ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষীক ৰাজ্যজুৰি চলি থকা বেআইনী মদৰ উৎপাদন আৰু দোকান উৎখাত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বহু কেইখন ধাবা বন্ধ কৰি দিয়া হৈছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে এক টুইটাৰত কয়, “বিষাক্ত মদ পান কৰি মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ দিয়া হৈছে। জলন্ধৰ সংমণ্ডলৰ আয়ুক্তই এই তদন্ত কৰিব। সংশ্লিষ্ট জিলাৰ এচএচপি আৰু অন্যান্য প্ৰশাসনীয় বিষয়াসকলে তেওঁক সহায় কৰিব। দোষী কেতিয়াও বাচি যাব নোৱৰিব।”

ইপিনে চুলাই কাণ্ডৰ বাবে চৰকাৰক বিৰোধী শিৰোমণি আকালি দলে উভতি ধৰিছে।

Related News