NORTHEAST NOW (Assamese)
দেশ

গুজৰাট মোৰবিৰ ট্ৰেজিক কাণ্ডৰ আন এক ভয়াৱহ তথ্য: ইলেক্ট্ৰনিকচ্ সামগ্ৰী নিৰ্মাণ কোম্পানীক দিয়া হৈছিল মেৰামতিৰ দায়িত্ব!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2022 7:42 pm
Gujarat bridge collapse

যোৱা নিশা গুজৰাটৰ মোৰবিত সংঘটিত শোকাৱহ দলং দুৰ্ঘটনাৰ চাঞ্চল্য সমগ্ৰ দেশজুৰি এতিয়াও অব্যাহত আছে। এই ভয়াৱহ দুৰ্ঘটনাত ১৪১ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ পিছতে আজি গুজৰাট আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ অন্তত ৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা সলোকৰ ভিতৰত আছে দলংখন পুনৰ নিৰ্মাণ কৰা কোম্পানী অৰেভাৰ মেনেজাৰ, টিকট সংগ্ৰাহক, দলং মেৰামতি ঠিকাদাৰ আৰু তিনিগৰাকী নিৰাপত্তাৰক্ষী।

ইফালে দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ অহা আন এক আজৱ তথ্যই এই কাণ্ডৰ আঁৰত থকা চৰকাৰৰ অসাৱধানতা সমুখলৈ আনিছে। ২৩০ মিটাৰ দৈৰ্ঘ্যৰ এই ঐতিহাসিক দলংখন দলংখন যোৱা সাত মাহধৰি মেৰামতি কৰা হৈছিল। মেৰামতি কৰাৰ দায়িত্ব দিয়া হৈছিল অৰেভা গ্ৰুপ নামৰ কোম্পানীক।

আশ্চৰ্যজনকভাৱে এই কোম্পানীটো নহয় নিৰ্মাণখণ্ডৰ সৈতে জড়িত কোনো কোম্পানী। ইয়াৰ পৰিৱৰ্তে এই কোম্পানীটোৰ বেনাৰত নিৰ্মাণ কৰা হয় কেতবোৰ ইলেক্ট্ৰনিক সামগ্ৰী যেনে চিএফএল বাল্ব, দেৱাল ঘড়ী, ই-বাইক আদিহে!

এনে পৰিস্থিতিত স্থানীয় প্ৰশাসনে অৰেভা গ্ৰুপক কিয় দলং মেৰামতিৰ দায়িত্ব দিছিল, সি এক বৃহৎ প্ৰশ্ন হৈ পৰিছে। কোম্পানীটোৱে এতিয়ালৈকে দলংখন খহি পৰাৰ বিষয়ে পোনপটীয়াকৈ মুখ খোলা নাই।

কিন্তু কোম্পানীটোৰ এগৰাকী বিষয়াই দলংখনত অত্যাধিক লোক বগাই যোৱাৰ ফলত বিপদৰ সৃষ্টি হৈছিল বুলি দাবী কৰিছে। কিন্তু এই দাবীৰ পিছতো দলংখনৰ মেৰামতিৰ ক্ষেত্ৰত থকা চূড়ান্ত অৱহেলাৰ দিশ স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে সাত মাহৰ মেৰামতিৰ পিছত যোৱা ২৬ অক্টোবৰত গুজৰাটী নৱবৰ্ষ উপলক্ষে ‘ঝুল্টা পুল’ নামেৰে জনপ্ৰয় এই দলংখন মুকলি কৰা হৈছিল। দলংখন ৰাইজৰ বাবে পুনৰ মুকলি হোৱাৰ মাত্ৰ চাৰি দিনৰ পিছতে এই বৃহৎ দুৰ্ঘটনাসংঘটিত হৈছে।

কিন্তু এনে ভয়াৱহ দুৰ্ঘটনাৰ পাছতো মেৰামতিৰ দায়িত্বত থকা কোম্পানী বা বিভাগীয় কোনো শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এনে ভয়াৱহ দুৰ্ঘটনাত শাসনাধিষ্ঠ চৰকাৰৰ ব্যৰ্থতা লুকুৱাবলৈ নামি পৰিছে বিজেপি নেতা কপিল মিশ্ৰ।

বিজেপি নেতাগৰাকীয়ে মোৰবি দলং দুৰ্ঘটনাৰ আঁৰত থকা অৱহেলা আৰু ব্যৰ্থতাৰ অভিযোগ অস্বীকাৰ কৰি ইয়াৰ পৰিৱৰ্তে তেওঁ দলং দুৰ্যোগৰ আঁৰত ষষড়যন্ত্ৰহে গোন্ধ পাইছে!

ইফালে বিৰোধীয়েও এই দুৰ্ঘটনাৰ বাবে চৰকাৰকে জগৰীয়া কৰি আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেৱল ভোটৰ আশাতে সম্ভাব্য বিপদৰ বিষয়ে চিন্তা নকৰাকৈ দলংখন মুকলি কৰা বুলি অভিযোগ কৰিছে।