NORTHEAST NOW (Assamese)
অসম

অসমত ৯৪৭ গৰাকীলৈ বৃ্দ্ধি কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 9:19 pm

আজি অসমত পুনৰ চাৰিগৰাকী কোভিড সংক্ৰমিত লোকৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৪৭ গৰাকীলৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।

আজি ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- কামৰূপ মেট্ৰ’ৰ মদন কুমাৰ ছেত্ৰী(৬০), নগাঁৱৰ নৰদেৱ মহন্ত(৭৫), গোৱালপাৰাৰ আল্পনা ৰয়(৪২) আৰু বৰপেটাৰ হেমন্ত কুমাৰ দাস(৬৫)।

আজি ৰাজ্যত পুনৰ ৩২৮ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ৰাজ্যত আজিৰ দিনটোত সম্পন্ন হোৱা মুঠ ২৮৫২৬ টা ক’ৰ’না পৰীক্ষাত ৩২৮ গৰাকী লোক প’জিটিঙ হয়।

আনহাতে, ৰাজ্যত আজি ৫০৮ গৰাকী কোভিড ৰোগী চিকিৎসাৰ অন্তত সম্পুৰ্ণ ৰূপে সুস্থ হৈ নিজ গৃহলৈ উভতি যায়।

অসমত বৰ্তমান ৬৩২৮ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজ্যত মুঠ ক’ৰ’না সংক্ৰমিত ৰোগী ২০৯১১৭ গৰাকী আৰু সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২০১৮৩৯ গৰাকী।