NORTHEAST NOW (Assamese)

অসমৰ সৰ্বকনিষ্ঠ কোভিড-১৯ ৰোগী হ’ল এটি ৯দিনীয়া কন্যা শিশু

August 1, 2020 11:35 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনৰ আটাইতকৈ কনিষ্ঠ হিচাপে হাইলাকান্দি জিলাৰ এটি ৯দিনীয়া কন্যা শিশু শুকুৰবাৰে কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি কন্যা শিশুটিক চিকিৎসাৰ বাবে মাকৰ সৈতে শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

শিশুটিৰ মাতৃ হৈছে জিলাখনৰ বক্ৰিহোৱাৰ অঞ্চলৰ নাজমা ছুলতানা।

‘’মাতৃগৰাকীৰ পৰীক্ষা ফলাফল অৱশ্যে নিগেটিভ আহিছে,’’-বিষয়াসকলে লগতে জনায়।

বিষয়াসকলে জানিবলৈ দিয়ে যে শিশুটিয়ে ঘৰতেই জন্ম লাভ কৰিছিল।

উল্লেখযোগ্য যে জিলাখনত যোৱা ২৩জুলাইত এটি ১৮দিনীয়া পুত্ৰ শিশু কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল আৰু তেতিয়ালৈকে সেইটোৱেই আছিল ৰাজ্যখনৰ আটাইতকৈ কনিষ্ঠ ৰোগী।

হাইলাকান্দি জিলা প্ৰশাসনে শুকুৰবাৰে হাইলাকান্দি চহৰৰ বিভিন্ন স্থানত ৰেণ্ডম ৰেপিড এন্টিজেন টেষ্ট চলাইছিল য’ত ভ্ৰমণ বৃত্তান্ত নথকা পজিটিভ ঘটনা চিনাক্ত হৈছে।

বৰাক উপত্যকাত নতুনকৈ ৬০জন কোভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে আৰু ইয়াত মুঠ আক্ৰান্তৰ সংখ্যা ৯৭০জনলৈ বৃদ্ধি পাইছে।

Related News