NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত পুনৰ ৯টাকৈ নতুন কন্টেইনমেন্ট জ’ন ঘোষণা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 14, 2020 8:16 pm
COVID-19: SBI branch, two roads declared containment zone in Sivasagar town

গুৱাহাটী মহানগৰীৰত নতুনকৈ ষ্টেট বেংক অফ ইণ্ডিয়া গেষ্ট হাউচ সৰুমটৰীয়া, গেমচ ভিলেজ, জু তিনিআলি, নৱজ্যোতি নগৰ পাঞ্জাবাৰী, আহোম গাওঁ, হেঙেৰাবাৰী, বি পি চলিহা নগৰ বামুণীমৈদাম, সৰুমটৰীয়া, গাড়োবস্তিক নতুনকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ৷

ষ্টেট বেংক অফ ইণ্ডিয়া গেষ্ট হাউচ কন্টেইনমেন্ট জ’নৰ সীমা হৈছে উত্তৰে উপ পথ, দক্ষিণে দিলীপ হুজুৰী পথ, পূবে শৰৎ সিং দেউৰীৰ বাসগৃহ আৰু পশ্চিমে ইউচুফ আলীৰ বাসগৃহ৷

গেমচ ভিলেজ কন্টেইমেন্ট জ’নৰ সীমা হ’ল উত্তৰে পানী টেংকী, দক্ষিণে পাৰ্কিং অঞ্চল, পূবে মুখ্য প্ৰৱেশ পথ, পশ্চিমে ব্লক এ ৫ (।)

জু তিনিআলি কন্টেইনমেন্ট জ’নৰ সীমা উত্তৰে মুনিন শৰ্মাৰ বাসগৃহ, দক্ষিণে টিলা পথ, পূবে ৰনজিৎ দাসৰ বাসগৃহ আৰু পশ্চিমে নামঘৰ৷

পাঞ্জাবাৰী নৱজ্যোতি নগৰ কন্টেইনমেন্ট জ’নৰ সীমা হ’ল উত্তৰে কিৰট কলিতাৰ বাসগৃহ, দক্ষিণে ৰবুল কলিতাৰ বাসগৃহ, পূবে কাৰীমূল আলিৰ বাসগৃহ আৰু পশ্চিমে অমৰ কলিতাৰ বাসগৃহ৷

আহোম গাওঁ কন্টেইনমেন্ট জ’নৰ সীমা হৈছে উত্তৰে আৰ আহমেদৰ খালী প্লট, দক্ষিনে সমন্বয় পথ পূৱে এল এম সিং খালী প্লট পশ্চিমে পি এম কাবাইৰ বাসগৃহ ৷

হেঙেৰাবাৰী কন্টেইনমেন্ট জ’নৰ সীমা হৈছে উত্তৰে হিল চাইড দক্ষিনে নামঘৰ পথ পূৱে জুৰাম হাজৰিকা বাসগৃহ পশ্চিমে মদন বৈশ্য বাসগৃহ ৷

বামুনীমৈদান বি পি চলিহা নগৰ কন্টেইনমেন্ট জ’নৰ সীমা উত্তৰে প্ৰেম শৰ্মাৰ বাসগৃহ দক্ষিনে মুনিন্দ্ৰ সিংৰ বাসগৃহ পূৱে অনিল সাহাৰ বাসগৃহ আৰু  পশ্চিমে ৰাইজৰ পথ ৷

সৰুমটৰীয়া কন্টেইনমেন্ট জ’নৰ সীমা হ’ল উত্তৰে যতিন দাসৰ বাসগৃহ, দক্ষিনে জয়ন্ত দাসৰ বাসগৃহ, পূবে ৰাজহুৱা নলা আৰু পশ্চিমে উপ পথ ২ (৷)

গাৰোবস্তি কন্টেইনমেন্ট জ’নৰ সীমা উত্তৰে বসন্ত তালুকদাৰৰ বাসগৃহ, দক্ষিণে মুকেশ চৌধুৰীৰ বাসগৃহ, পূবে হিল চাইড, পশ্চিমে ৰাইজৰ পথ আৰু টেংক ৷

কৰ’না আক্ৰান্ত ব্যক্তি পোৱাৰ পিছতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

উক্ত কন্টেইনমেন্ট জ’নসমূহত ১৪ দিনৰ বাবে কোনো ব্যক্তি ওলাব বা সোমাব নোৱাৰিব।