NORTHEAST NOW (Assamese)
অসম

১ জুলাইত বিশিষ্ট নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন

Posted by: এন ই নাও নিউজ June 29, 2018 12:17 pm
Sukra

যোৱা আঠ জুনৰ নিশা আকস্মিকভাৱে দেহাৱসান ঘটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্য পৰিচালক তথা ‘বাদুংদুপ্পা’ৰ সঞ্চালক শুক্ৰাচাৰ্য ৰাভাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অহা ১ জুলাইত গোৱালপাৰা জিলাৰ ৰামপুৰ গাঁৱৰ মহন্ত খেলপথাৰত দিনজোৰাকৈ অনুষ্ঠিত হ’ব।

গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে ইতিমধ্যে নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি ৰমেন সিং ৰাভাক সভাপতি আৰু বেবাক ৰাভা ক্ৰৌৰাং ৰঞ্চুমৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ ৰাভাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন আদ্যশ্ৰাদ্ধ পৰিচালনা সমিতি গঠন কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ কাৰ্যক্ৰমণিকা অনুসৰি অহা ১ জুলাইৰ পুৱা ৮.৩০ বজাত শুক্ৰচাৰ্য ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলিব প্ৰয়াত নাট্যকৰ্মী- পৰিচালকগৰাকীৰ সহধৰ্মিনী চিনা ৰাভাই। ইয়াৰ পাছতেই সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু নাম-প্ৰসংগ।

ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ জীৱন আৰু কৰ্মৰাজীক আলোকপাত কৰাৰ উদ্দেশ্য এখনি স্মৃতিচাৰণ সভাও অনুষ্ঠিত হ’ব। উক্ত স্মৃতিচাৰণ সভাতেই তেওঁৰ কৰ্মৰাজী আৰু স্মৃতিক জীয়াই ৰখাৰ প্ৰয়াসেৰে প্ৰকাশ কৰিবলগীয়া স্মৰণিকা উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। স্মৃতিচাৰণ সভাত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ উপৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক’লা- সংস্কৃতি তথা নাট্যজগতৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকিব।

সন্ধিয়া ছয় বজাত ৰাজহুৱা আদ্যশ্ৰাদ্ধস্থলীত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিব অসম নাট্য সণ্মিলনৰ সভাপতি দুলাল ৰয়ে।

তদুপৰি সন্ধিয়া বৃহত্তৰ অঞ্চলৰ প্ৰতিগৰাকী গৃহস্থই নিজ নিজ পদূলিত বন্তি প্ৰজ্বলন কৰিব। প্ৰয়াত নাট্য পৰিচালক তথা শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে জাতি,ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সমূহ ৰাইজক সহায়- সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসন আৰু ৰাজহুৱা আদ্যশ্ৰাদ্ধ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে।